কেৰালাৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীৰ ফাইনেলৰ দ্বিতীয় ইনিংছত বিদৰ্ভৰ বেটছমেন কৰুণ নায়াৰে এক দৰ্শনীয় শতকীয় ইনিংছ খেলে। প্ৰথম ইনিংছতো তেওঁ ৮৬ ৰানৰ সুন্দৰ ইনিংছ খেলিছিল। এই শতকৰ জৰিয়তে ইংলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া পাঁচখন মেচৰ টেষ্ট শৃংখলাৰ বাবে তেওঁ নিজৰ দাবী আৰু অধিক শক্তিশালী কৰি তুলিছে।
বিদৰ্ভ ক্ৰিকেট এছ’চিয়েচন ষ্টেডিয়ামত চলি থকা ৰঞ্জী ট্ৰফীৰ ফাইনেল মেচখনৰ দ্বিতীয় ইনিংছত কৰুণ নায়াৰে ১৮৪টা বলত শতক সম্পূৰ্ণ কৰে। এই শতকীয় ইনিংছটোত আছিল ৭টা চাৰি আৰু দুটা ছয়।
উল্লেখ্য যে, ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিকভাৱে কৰি অহা উন্নত প্ৰদৰ্শনৰ পিছত আশা কৰা হৈছিল যে তেওঁক চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হ’ব। অৱশ্যে তেওঁক দলত স্থান দিয়া নহ’ল।
চলিত ঘৰুৱা ছিজনত কৰুণ নায়াৰৰ এইটো নৱম শতক। ৰঞ্জী ট্ৰফীৰ পূৰ্বে অনুষ্ঠিত হোৱা বিজয় হাজাৰে ট্ৰফীত কৰুণ নায়াৰে ৫টা শতক অৰ্জন কৰিছিল। বিজয় হাজাৰে ট্ৰফীত দেখুওৱা চমকপ্ৰদ প্ৰদৰ্শনৰ পিছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁৰ প্ৰত্যাৱৰ্তন হ’ব বুলি আশা কৰা হৈছিল। অৱশ্যে সেই আশা এইপৰ্যন্ত তেওঁৰ পূৰণ হোৱা নাই।
উল্লেখ্য যে, ২০১৬ চনত ভাৰতীয় দলত অভিষেক ঘটিছিল কৰুণ নায়াৰৰ। তেওঁ খেলা ছয়খন টেষ্ট আৰু দুখন এদিনীয়াত ক্ৰমে ৩৭৪ আৰু ৪৬ ৰান সংগ্ৰহ কৰিছে। আনহাতে প্ৰথম শ্ৰেণী ক্ৰিকেটত তেওঁ ১১৩ খন মেচত ৭৯৯০ ৰান সংগ্ৰহ কৰিছে। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত তেওঁৰ নামত আছে ২২টা শতক আৰু ৩৫টা অৰ্ধশতক।
২২ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া আই পি এলৰ পিছত জুন-জুলাই মাহত ইংলেণ্ড ভ্ৰমণ কৰিব ভাৰতীয় দলে। এই ভ্ৰমণত দলটোৱে ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন টেষ্ট মেচৰ শৃংখলাত অংশ ল’ব। শেহতীয়াকৈ নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলা পৰাস্ত হোৱা ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাটোত কৰুণ নায়াৰক দলত স্থান দিব পাৰে।