২৩ অক্টোবৰ অৰ্থাৎ বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণৰ দ্বিতীয়টো দিন। ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে ৰাছিয়াৰ কাজান চহৰত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী।
আজি অৰ্থাৎ বুধবাৰে তেওঁ চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙক সাক্ষাৎ কৰিব। সমগ্ৰ বিশ্বৰ চকু এই বৈঠকৰ ওপৰত। সুদীৰ্ঘ ৫ বছৰৰ পাছত দুয়োগৰাকী নেতাৰ মাজত দ্বিপাক্ষিক আলোচনা হ’বলৈ গৈ আছে। এই ৫ বছৰত ভাৰত আৰু চীনৰ সম্পৰ্কত যথেষ্ট উত্থান-পতন হৈ আহিছে।
২০১৯ চনৰ পিছত মোদী আৰু জিনপিঙৰ মাজত দ্বিপাক্ষিক আলোচনা হোৱা নাছিল। ৫ বছৰ পূৰ্বে যেতিয়া প্ৰধানমন্ত্ৰী মোদী আৰু ছি জিনপিঙৰ সাক্ষাৎ হৈছিল, তেতিয়া চীনে ভাৰতক বিশ্বাসঘাতকতা কৰিছিল। কিন্তু এতিয়া তেওঁ ভাৰতৰ চৰ্ত মানি ল’ব লগা হৈছে।
দৰাচলতে ২০১৯ চনৰ অক্টোবৰ মাহত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে ভাৰত ভ্ৰমণ কৰিছিল। মহাবলীপুৰমত অনানুষ্ঠানিক সন্মিলনৰ বাবে দুয়োগৰাকী নেতাই বৈঠকত মিলিত হয়। এই বৈঠকৰ মাত্ৰ কেইমাহমানৰ পিছতে চীনে ভাৰতক বিশ্বাসঘাতকতা কৰে আৰু LAC ৰ ওপৰত সামৰিক ষ্টেণ্ডঅ’ৰ সৃষ্টি হৈছিল।
দুয়োখন দেশৰ সেনাবাহিনী মুখামুখি হৈছিল। ২০২০ চনৰ ১৫ জুনত ভাৰত আৰু চীনৰ জোৱানৰ মাজত সংঘৰ্ষ হৈছিল, তাৰ পিছত দুয়োখন দেশৰ সম্পৰ্ক বেয়াৰ ফালে ঢাল খাইছিল। এই ঘটনাৰ পিছতেই ২০২০ চনৰ ছেপ্টেম্বৰ মাহত কূটনৈতিক আৰু সামৰিক পৰ্যায়ত আলোচনা আৰম্ভ হয়।
কেইবাটাও ৰাউণ্ডৰ আলোচনাৰ অন্তত ভাৰত আৰু চীনে LAC সন্দৰ্ভত এক চুক্তিত সন্মতি প্ৰকাশ কৰে। ২০২০ চনৰ পূৰ্বে টহল দিয়াৰ মৰ্যাদা সন্দৰ্ভত দুয়োখন দেশৰ সহমতত উপনীত হৈছে। এই চুক্তি প্ৰধানমন্ত্ৰী মোদী আৰু ছি জিনপিঙৰ বৈঠকৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে সংঘটিত হৈছিল।
২০১৪-২০২০ৰ ভিতৰত ১৮ বাৰলৈ বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী মোদী আৰু জিনপিং-
- ২০১৪ চনৰ ১৫ জুলাইত ব্ৰাজিলত দুয়োগৰাকী নেতাই মিলিত হয় বৈঠকত
- ২০১৪ চনৰ ছেপ্টেম্বৰ মাহত ভাৰত ভ্ৰমণলৈ আহিছিল জিনপিং
- ২০১৪ চনৰ নৱেম্বৰ মাহত অষ্ট্ৰেলিয়াত জি-২০ৰ সময়ত বৈঠক
- ২০১৫ চনৰ মে’ মাহত চীন ভ্ৰমণলৈ গৈছিল প্ৰধানমন্ত্ৰী মোডী
- জুলাই ২০১৫ত ৰাছিয়াত ব্ৰিকছ শীৰ্ষ সন্মিলনৰ সময়ত বৈঠক
- ২০১৬ চনৰ জুন মাহত উজবেকিস্তানত অনুষ্ঠিত হোৱা বৈঠক
- ছেপ্টেম্বৰ ২০১৬ত চীনত জি-২০ শীৰ্ষ সন্মিলনৰ সময়ত বৈঠক
- অক্টোবৰ ২০১৬, গোৱা, ব্ৰিকছ সন্মিলন
- জুন ২০১৭ চনৰ চাংহাই সহযোগিতা সংস্থাত বৈঠক
- ২০১৭ চনৰ জুলাই মাহত হামবাৰ্গত অনুষ্ঠিত হয় বৈঠক
- ২০১৭ চনৰ ছেপ্টেম্বৰ মাহৰ ব্ৰিকছ সন্মিলনত দ্বিপাক্ষিক আলোচনা
- ২০১৮ চনৰ এপ্ৰিল মাহত চীনৰ য়ুহানত অনুষ্ঠিত হয় বৈঠক
- ৯ জুন ২০১৮ত এছচিঅ’ শীৰ্ষ সন্মিলনৰ সময়ত বৈঠক
- নৱেম্বৰ ২০১৮ আৰ্জেণ্টিনাত জি-২০ শীৰ্ষ সন্মিলনৰ সময়ত বৈঠক
- ২০১৯ চনৰ মে’ মাহত দুয়োগৰাকী নেতাৰ বৈঠক
- জুন ২০১৯ৰ কিৰ্গিস্তানত দুয়োগৰাকী নেতাৰ মাজত বৈঠক
- ভাৰতৰ মহাবলীপুৰমত অক্টোবৰ ২০১৯ৰ বৈঠক
- নৱেম্বৰ ২০১৯ ব্ৰাজিলত দুয়োগৰাকী নেতাৰ বৈঠক