বিহাৰৰ ৩৫ বছৰীয়া মিন্তা দেৱী নামৰ এগৰাকী মহিলা এতিয়া দেশজুৰি চৰ্চাত। ইয়াৰ কাৰণ হ’ল এটা টি-চাৰ্ট। কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধীয়ে মিন্তা দেৱীৰ ফটো সম্বলিত টি-চাৰ্ট পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতেই তেওঁক লৈ সংবাদ মাধ্যমত ভৰি পৰিছে খবৰ।
দৰাচলতে ভোট চুৰি আৰু বিহাৰত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ কাৰ্যসূচীক লৈ অসন্তুষ্ট কংগ্ৰেছ। ইয়াক লৈ চলি আছে প্ৰতিবাদ।
এই প্ৰতিবাদৰ অংশ স্বৰূপে মঙলবাৰে কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধীয়ে মিন্তা দেৱীৰ ফটো সম্বলিত টি-চাৰ্ট পিন্ধি সংসদত উপস্থিত হয়। টি-চাৰ্টটোত মিন্তা দেৱীৰ ফটো আৰু নাম উল্লেখ থকাৰ সমান্তৰালকৈ উল্লেখ আছিল ‘১২৪ নট আউট’।
এই অভিনৱ প্ৰতিবাদৰ জৰিয়তে কংগ্ৰেছ দলে বিহাৰত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণত ব্যাপক খেলিমেলিৰ অভিযোগ উত্থাপন কৰি চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লয়।
অৱশ্যে কংগ্ৰেছৰ এই অভিনৱ প্ৰতিবাদৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে চৰ্চাৰ কেন্দ্ৰ বিন্দু মিন্তা দেৱী। মিন্তা দেৱীয়ে কংগ্ৰেছ সাংসদ প্ৰিয়ংকা গান্ধীক সমালোচনা কৰাৰ লগতে প্ৰিয়ংকা গান্ধীক এই অধিকাৰ কোনে প্ৰদান কৰিলে বুলিও মিন্তা দেৱীয়ে প্ৰশ্ন উত্থাপন কৰে।
উল্লেখ্য যে, শেহতীয়াকৈ প্ৰকাশ পোৱা ভোটাৰ তালিকাৰ খছৰাত ছিৱানৰ দৰউণ্ডা বিধান সভা সমষ্টিৰ অৰ্জানীপুৰ গাঁৱৰ নিবাসী মিন্তা দেৱীৰ বয়স ১২৪ বছৰ। দৰাচলতে অৰ্জানীপুৰৰ বাসিন্দা ধনঞ্জয় কুমাৰ সিঙৰ পত্নী মিন্তা দেৱীৰ বয়স ৩৫ বছৰ। প্ৰথমবাৰৰ বাবে ভোটাৰ তালিকাত যোগ হৈছে মিন্তা দেৱীৰ নাম।
এই সন্দৰ্ভত মিন্তা দেৱীয়ে কয় যে মোৰ আধাৰ কাৰ্ডত জন্ম তাৰিখ ১৫/৭/১৯৯০, ভোটাৰ আইডি কাৰ্ডত ১৫/৭/১৯০০। প্ৰিয়ংকা গান্ধীয়ে এই বিষয়টোক ইছ্যু কৰি তুলি নিৰ্বাচন আয়োগ আৰু চৰকাৰক লক্ষ্য কৰি লয়।
প্ৰিয়ংকা গান্ধীয়ে পৰিধান কৰা টি-চাৰ্টত নাম আৰু ফটো ছপা কৰাত অসন্তুষ্টি প্ৰকাশ কৰি মিন্তা দেৱীয়ে কয় যে তেওঁৰ নাম থকা টি-চাৰ্ট পিন্ধাৰ অধিকাৰ কোনে দিছে। তেওঁ লগতে প্ৰিয়ংকা গান্ধীয়ে মিন্তা দেৱীৰ নাম আৰু ফটো থকা টি-চাৰ্ট পিন্ধি প্ৰতিবাদ কৰাত তীব্ৰ আপত্তি প্ৰদৰ্শন কৰে।
মিন্তা দেৱীয়ে লগতে কয় যে মই এই ভুল কৰা নাই। প্ৰিয়ংকা গান্ধীয়ে মোক ক’ত সমৰ্থন কৰিছে? তেওঁ মোৰ ফটো থকা টি-চাৰ্ট পিন্ধি মোৰ নাম ছপা কৰি প্ৰতিবাদ কৰিছে। ক’ৰ পৰা তেওঁ মোক সমৰ্থন কৰি আছে? মোক সমৰ্থন বা বিৰোধিতা কৰিবলৈ তেওঁ কোন?
প্ৰিয়ংকা গান্ধীৰ বাবে তেওঁ যথেষ্ট অশান্তি তথা সমস্যাত পৰা বুলি উল্লেখ কৰি মিন্তা দেৱীয়ে কয় যে আজি ৰাতিপুৱাৰ পৰাই সংবাদ মাধ্যমৰ লোক আৰু আন লোকসকলে ফোন কৰি আছে আৰু ঘৰলৈ আহি আছে। এই কথাত মই অশান্তি পাইছো।