শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কেবিনেটে ৫২,৬৬৭ কোটি টকাৰ পেকেজত অনুমোদন জনায়। এই পেকেজৰ অধীনত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ শিক্ষাৰ লগতে এল পি জি, আন্তঃগাঁথনি আৰু উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে কাৰিকৰী শিক্ষানুষ্ঠানসমূহ শক্তিশালী কৰাৰ বাবে কেন্দ্ৰীয় কেবিনেটে ৪২০০ কোটি টকাৰ অনুমোদন জনাইছে। ২০২৫-২৬ বৰ্ষৰ বাবে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত ১২,০৬০ কোটি টকাৰ ৰাজসাহায্য প্ৰদানৰ বাবেও কেবিনেটে অনুমোদন জনোৱাৰ কথা উল্লেখ কৰে।
কেন্দ্ৰীয় কেবিনেটে তেল বিপণন কোম্পানী (অ’এমচি)ৰ বাবে ৩০ হাজাৰ কোটি টকাৰ এলপিজি ৰাজসাহায্যৰ অনুমোদন জনাইছে। এই সিদ্ধান্তৰ ফলত এল পি জিৰ মূল্য বৃদ্ধি নহ’ব।
কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত উত্তৰ-পূবৰ ৰাজ্য অসম আৰু ত্ৰিপুৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। এই দুখন ৰাজ্যৰ বাবে ৪২৫০ কোটি টকাৰ বিশেষ উন্নয়ন পেকেজৰ অনুমোদন দিয়া হৈছে।
কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, ‘প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাক সৰ্বাংগীন উন্নয়নৰ বাবে বিশ্বব্যাপী স্বীকৃতি দিয়া হৈছে। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ উদ্দেশ্য হৈছে জনসাধাৰণৰ জীৱনলৈ পৰিৱৰ্তন অনা। এতিয়ালৈকে ১০.৩৩ কোটি উজ্জ্বলা সংযোগ দিয়া হৈছে। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে কেবিনেটে পিএম উজ্জ্বলা হিতাধিকাৰীসকলৰ বাবে ১২,০৬০ কোটি টকাৰ সাহায্যৰ অনুমোদন জনাইছে।’
মন্ত্ৰী বৈষ্ণৱে লগতে কয়, ‘কেন্দ্ৰীয় কেবিনেটে ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্যৰ অনুমোদন জনাইছে যাতে মধ্যবিত্ত শ্ৰেণীৰ লোকে সস্তা মূল্যত ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰে।’