সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
নিশাৰে পৰা পশ্চিমবংগত আৰম্ভ হ’ল বুলড’জাৰ এক্সন। শুভেন্দু অধিকাৰী চৰকাৰে আৰম্ভ কৰিলে বুলড’জাৰ এক্সন। হাওৰা ষ্টেশ্যনৰ বাহিৰত অবৈধ অনুপ্ৰৱেশকাৰীৰ ভাঙি পেলালে বস্তি। গংগা ঘাট আৰু বাছ আস্থানত নিশা চলিল বুলড’জাৰ এক্সন। ১৫ বছৰে মমতাৰ নাম লৈ পদপথ দখল কৰি থকা অবৈধ দোকান উচ্ছেদ কৰা হৈছে।
মহাৰাষ্ট্ৰত ৬০০ কেজি ওজনৰ ৰূপ কঢ়িয়াই অনা বাহন দুৰ্ঘটনাগ্ৰস্ত। মহাৰাষ্ট্ৰৰ চাৰোটি উৰণ সেতুত দুৰ্ঘটনাত পতিত হয় বাহনখন। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ৰূপখিনি। জব্দ হোৱা ৰূপখিনিৰ বজাৰমূল্য প্ৰায় ১৭ কোটি টকা।
ভাৰত-UAEৰ মাজত স্বাক্ষৰিত হয় ৫খন গুৰুত্বপূৰ্ণ চুক্তি। ভাৰতত UAE য়ে বিনিয়োগ কৰিব ৫ আৰৱ ডলাৰৰ পূঁজি। পশ্চিম এছিয়াৰ সংঘাতক লৈও দুয়োখন দেশৰ মাজত আলোচনা হয়। দুয়োখন দেশৰ মাজত স্বাক্ষৰিত চুক্তিৰ পাছতেই ভাৰতীয় ৰন্ধন গেছৰ কৃত্ৰিম নাটনিৰ পৰাও লাভ কৰিব সকাহ।
১৫ মে’ত চীন ভ্ৰমণৰ পৰা উভতি আহে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। তেওঁৰ উভতি অহাৰ লগে লগে ইৰাণ সন্দৰ্ভত এক ডাঙৰ সিদ্ধান্ত লোৱাৰ ইংগিত দিয়ে। ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী আৰু হৰমুজ জলদ্বীপক লৈ চলি থকা উত্তেজনাৰ মাজতে আমেৰিকাই পুনৰ সামৰিক ব্যৱস্থাৰ আশ্ৰয় লোৱাৰ সম্ভাৱনা আছে।










