No Result
View All Result
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
- চৰকাৰী কৰ্মচাৰীৰ বদলিত নিষেধাজ্ঞা। ২০২৭ চনৰ ৩১ মাৰ্চ পৰ্যন্ত ৰাজ্যিক কৰ্মচাৰীৰ বদলি বন্ধ ৰখাৰ নিৰ্দেশ।অসম চৰকাৰৰ কৰ্মচাৰীকলৈ গুৰুত্বপূৰ্ণ খবৰ। লোকপিয়লৰ সৈতে জড়িত সকলো ৰাজ্যিক কৰ্মচাৰীৰ বদলি বন্ধ ৰখাৰ নিৰ্দেশ। সকলো জিলা আয়ুক্তলৈ এই নিৰ্দেশনা প্ৰেৰণ কৰিছে সংশ্লিষ্ট বিভাগে। দেশত ২ আগষ্টৰ পৰা আৰম্ভ হ’ব লোকপিয়ল। ১৭ আগষ্টৰ পৰা প্ৰতিঘৰলৈ যাব গণনাকাৰী বিষয়া।
- পাৰ্প’ল চিটী হ’ব গুৱাহাটী মহানগৰী। গুৱাহাটী মহানগৰীক কপৌফুলৰ ৰঙেৰে সজোৱাৰ পৰিকল্পনা GMCৰ। পিংক চিটী জয়পুৰ, অৰেঞ্জ চিটী নাগপুৰৰ দৰেই গুৱাহাটী হ’ব পাৰ্পল চিটী। গুৱাহাটীক ‘পাৰ্পল চিটী’ হিচাপে গঢ়ি তোলা আজি আয়োজন কৰা হৈছে সংবাদমেলৰ। সকলো দোকান, দেৱাল, উপপথৰ ঘৰসমূহৰ গে’ট আদিৰ ৰং হ’ব কপৌফুলৰ ৰঙৰ লেখীয়া।
- চাকৰি কৰি থকা শিক্ষকসকলেও বাধ্যতামূলকভাৱে উত্তীৰ্ণ হ’ব লাগিব টেট পৰীক্ষা। টেট পৰীক্ষা উত্তীৰ্ণ নহ’লে হেৰুৱাব লাগিব চাকৰি। কৰ্মৰত শিক্ষকসকলৰ TET উত্তীৰ্ণ হোৱাৰ সময়সীমা বৃদ্ধি কৰিলে উচ্চতম ন্যায়ালয়ে। TET উত্তীৰ্ণ হোৱাৰ সময়সীমা ২০২৮ বৰ্ষৰ ৩১ আগষ্টলৈ বৃদ্ধি যাতে শিক্ষকসকলে নিজৰ চাকৰি অব্যাহত ৰাখিব পাৰে।দেশৰ ৰাজ্য চৰকাৰসমূহক আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক সময়ে সময়ে TET অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ SCৰ। প্ৰায় ছমাহৰ ব্যৱধানত এই পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিলে ভাল বুলি মন্তব্য বিচাৰপীঠৰ।
- ৯ এপ্ৰিলত আমেৰিকা-ইৰাণৰ যুদ্ধবিৰতিৰ পিছতো হৰমুজ জলদ্বীপ বন্ধ হৈ আছে, যাৰ ফলত সামুদ্ৰিক যাতায়াতত ব্যাঘাত জন্মে। আনকি এই পৰিবেশতো ভাৰতীয় জাহাজ পৰিবহণে এই প্ৰতাৰণামূলক পথটো পাৰ হৈ গৈ আছে, যাৰ ফলত ভাৰতে যথেষ্ট ব্যাঘাতৰ মাজতো শক্তি যোগান বজাই ৰখাত সহায় কৰিছে।
No Result
View All Result