No Result
View All Result
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
- মাত্ৰ ১২ মাহতে পৱিত্ৰ কোৰান মুখস্থ কৰি গৌৰৱ কঢ়িয়ালে সপ্তম শ্ৰেণীৰ ২ ছাত্ৰই। মেহেবুব আলম আৰু আব্দুল ৱাজিদ নামৰ দুই ছাত্ৰৰ সফলতা। কেন্দুগুৰিৰ মাৰ্কজ একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ মেহেবুব আৰু আব্দুল। মেধাৱী ছাত্ৰ দুয়োজনকে সম্বৰ্ধনা জনালে বিদ্যালয় কৰ্তৃপক্ষই। মেহেবুব আলম আৰু আব্দুল ৱাজিদক লৈ গৌৰাৱান্বিত হৈ পৰিছে অঞ্চলবাসী।
- অসমীয়া ছবিজগতৰ বাবে ভালখবৰ। ৭৬ সংখ্যক বাৰ্লিনেল-২০২৬ত ৱৰ্ল্ড প্ৰিমিয়াৰৰ বাবে বাছনি ৰীমা দাসৰ ছবি ‘NOT A HERO’। বিশ্বৰ ৩১ খন দেশৰ ভিতৰত ৩০খন ছবিৰ ভিতৰত স্থান লাভ ৰীমা দাসৰ এই নতুন ছবিখনৰ।। অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাত নির্মাণ হোৱা ‘নট এ হিৰ”ৰ সফলতাৰে ৰীমা দাসে সাম্প্রতিক ভাৰতীয় চিনেমাৰ এক অতি বলিষ্ঠ কণ্ঠৰূপে নিজকে প্রতীয়মান কৰিছে। ৰাষ্ট্ৰীয় বঁটা বিজয়ী ছবি পৰিচালকগৰাকীৰ এই ছবিখনত অভিনয় কৰে ‘তৰাছ হাজবেণ্ড’ত আত্মাপ্ৰকাশ কৰা অভিনেতা ভূমন দাসে।
- অসমক প্ৰতিনিধিত্ব কৰি হোজাই জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে লংকাৰ ৩ কিশোৰীয়ে। ১৪ বছৰ অনুৰ্দ্ধৰ অসম ক্ৰিকেট দলৰ হৈ খেলি সফলতা অৰ্জন লংকাৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ দিপাঞ্জলী চাহু,কষল্যা চাহু আৰু ৰিত্তিকা মালাকাৰ নামৰ ৩ কিশোৰীৰ। এই ক্ৰিকেট দলৰ কেপ্তেইন হিচাপে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে হোজাইৰ কষল্যা চাহুৱে। কংকণ দাস নামৰ এগৰাকী উদীয়মান যুৱকৰ প্ৰচেষ্টাত এই তিনিগৰাকী কিশোৰীয়ে নিজৰ চেষ্টাৰ বলত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।
- নিজ সমষ্টিতে এইবাৰ নিষিদ্ধ হ’ল সাংসদ প্ৰদ্যুৎ বৰদলৈ। প্ৰাক্তন আমছু নেতা ৰেজাউল কৰিমক লৈ বিৰূপ মন্তব্য কৰি বিপদত পৰিছে কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে প্ৰদ্যুৎ বৰদলৈ বেনাৰত সানি দিছে ক’লা ৰং। লগতে প্ৰতিবাদত উত্তপ্ত হৈ পৰিছে নগাঁৱৰ মৈৰাবাৰী অঞ্চল।
- ইৰাণত দেশজুৰি চলি থকা প্ৰতিবাদৰ মাজতে ১৫ জানুৱাৰীত আমেৰিকাই তেহৰাণৰ বিৰুদ্ধে পুনৰ নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰে। আমেৰিকাৰ কোষাগাৰ বিভাগৰ মতে, প্ৰতিবাদ দমন কৰাৰ অভিযোগত অভিযুক্ত ইৰাণৰ বিষয়াসকলৰ উপৰিও ইৰাণৰ জাহাজ, বাণিজ্যিক, শক্তি কোম্পানীসমূহৰ ওপৰতো আমেৰিকাই নতুন নিষেধাজ্ঞা আৰোপ কৰিছে। প্ৰতিবাদকাৰীৰ বিৰুদ্ধে হোৱা দমন আৰু হিংসা আৰু কোটি কোটি ডলাৰৰ তেলৰ ৰাজহৰ অপব্যৱহাৰৰ বাবে ইৰাণৰ ১৮ জন বিষয়াক দায়ী বুলি অভিযোগ কৰি ট্ৰাম্প প্ৰশাসনে নিষেধাজ্ঞা আৰোপ কৰিছে। এই ব্যক্তিসকলে তেল আৰু পেট্ৰ’কেমিকেলৰ ৰাজহৰ অবৈধ ৰপ্তানি আৰু ধন সৰবৰাহৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপন হৈছে।
No Result
View All Result