সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
নিশা ৰাজ্য জোকাৰি যোৱা এক শোকাৱহ দুৰ্ঘটনা। এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত ৮ জনকৈ লোক। ঢেকিয়াজুলিৰ ৰবৰতলাত ভয়ংকৰ পথ দুৰ্ঘটনা। নিহতসকল হৈছে-বিজয় হানচা,হৰি মাদগী, কুনাল কৰ্মকাৰ, সঞ্জীতা নাথ, বিশ্বাস নাথ,সন্ধ্যাচৰী নাথ। তেওঁলোক আটাইকেইগৰাকী লোক টিউলিপ চাহ বাগিচাৰ। এখন ট্ৰাক আৰু এম্বুলেন্সৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাৰ পিছতে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ।
আজি কেইবাজনো প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ। কামৰূপ মেট্ৰ’ৰ ৪ সমষ্টিৰ বিজেপি প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন। দিছপুৰ সমষ্টিৰ বাবে প্ৰদ্যুৎ বৰদলৈয়ে, মধ্য গুৱাহাটীৰ বাবে বিজয় গুপ্তা, নিউ গুৱাহাটীৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই দাখিল কৰিব মনোনয়ন পত্ৰ। লগতে ডিমৰীয়া সমষ্টিৰ বাবে এনডিএ সমৰ্থিত প্ৰাৰ্থী তপন কুমাৰ দাসে দিব মনোনয়ন। ইয়াৰোপৰি শাসকীয় দলৰ লগতে বিৰোধী দলৰ প্ৰাৰ্থীসকলেও আজি মনোনয়ন দাখিল কৰিব। লগতে দিছপুৰ সমষ্টিৰ বাবে মীৰা বৰঠাকুৰ আৰু মধ্য গুৱাহাটীৰ বাবে বিৰোধী প্ৰাৰ্থী কুংকি চৌধুৰীৰ আজি মনোনয়ন দাখিল কৰিব।
অৱশেষত আৰক্ষীৰ জালত জুবিন গাৰ্গক গোৰ মাৰি ভৰিৰে গচকা কংগ্ৰেছ নেতা ছাদুল্লা শিকদাৰ। নিশাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছাদুল্লাক। কংগ্ৰেছৰ পৰা টিকট নোপোৱাৰ ক্ষোভত ঈশ্বৰ পুত্ৰৰ ফটোত গোৰ মাৰি ক্ষোভ উজাৰিছিল এই গৰাকী ব্যক্তিয়ে।
মধ্য়প্ৰাচ্যৰ পৰিস্থিতিৰ বাবে ভয়ানক হৈ পৰিছে শ্ৰীলংকাৰ অৱস্থা। এক লিটাৰ পেট্ৰ’লৰ দাম হৈ পৰিল ৪০০টকা। শ্ৰীলংকা চৰকাৰে তেলত বঢ়াই দিলে ২৫ শতাংশ কৰ। ইয়াৰ লগে লগে অচল হৈ পৰিছে শ্ৰীলংকাৰ পৰিবহণ সেৱা। বাছ চালক সন্থাই ভয়ংকৰ প্ৰতিবাদ কৰাৰ হুংকাৰ দিছে চৰকাৰক। এসপ্তাহৰ ভিতৰত তৃতীয়বাৰলৈ শ্ৰীলংকাত বৃদ্ধি পালে তেলৰ দাম। আমেৰিকা-ইজৰাইল-ইৰাণ যুদ্ধৰ প্ৰভাৱ পৰিল শ্ৰীলংকাত। কেৰাচিন তেলৰো দাম বৃদ্ধি কৰিলে শ্ৰীলংকা চৰকাৰে।












