নাছিক আৰ্টিলাৰী চেণ্টাৰত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। চেণ্টাৰত চলি থকা নিয়মীয়া প্ৰশিক্ষণৰ সময়ত হঠাতে সংঘটিত বিস্ফোৰণত দুজন অগ্নিবীৰে প্ৰাণ হেৰুৱায়। লাইভ ফায়াৰ আৰ্টিলাৰী অনুশীলনৰ সময়ত সংঘটিত হয় এই দুৰ্ঘটনা।
জোৱানসকলে আৰ্টিলাৰীৰ পৰা গুলীচালনাৰ অনুশীলন কৰি থকাৰ সমযতে এই অবাঞ্চিত ঘটনাটো সংঘটিত হয়। ঘটনাত দুয়োজন অগ্নিবীৰ গুৰুতৰভাৱে আহত হয়। তেওঁলোকৰ প্ৰাণ ৰক্ষা কৰিবলৈ আপ্ৰাণ প্ৰচেষ্টা চলোৱা হৈছিল যদিও আঘাত ইমানেই গুৰুতৰ আছিল যে তেওঁলোক দুয়োজনৰে হাস্পতালত মৃত্যু হয়।
এই ঘটনাই আৰ্টিলাৰী চেণ্টাৰত শোকৰ ছাঁ পেলোৱাৰ লগতে বিস্ফোৰণৰ সঠিক কাৰণ জানিবলৈ বিষয়াসকলে তদন্ত আৰম্ভ কৰিছে।
ইফালে এনচিপিৰ নেত্ৰী সুপ্ৰিয়া চুলেই ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এই ঘটনাক লৈ শোক প্ৰকাশ কৰি কয়, ‘নাছিকৰ এটা আৰ্টিলাৰী চেণ্টাৰত প্ৰশিক্ষণৰ সময়ত হোৱা বিস্ফোৰণত দুজন অগ্নিবীৰৰ মৃত্যু হয়। এই কাণ্ড অত্যন্ত দুখজনক। দুয়োজন সৈনিকৰ পৰিয়ালৰ প্ৰতি সমবেদনা। এই দুজন সৈনিকক শ্বহীদৰ মৰ্যাদা দিব লাগে আৰু তেওঁলোকৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে।‘