নিউয়ৰ্কৰ লা গাৰ্ডিয়া বিমানবন্দৰত ২২ মাৰ্চৰ সন্ধিয়া সংঘটিত হয় এক বৃহৎ দুৰ্ঘটনা। এখন বিমানে আৰু ৰখাই থোৱা ট্ৰাকৰ সৈতে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।
উল্লেখ্য যে, এয়াৰ কানাডা এক্সপ্ৰেছৰ এখন বিমানে বিমানবন্দৰত ৰখাই থোৱা এখন ট্ৰাকৰ সৈতে খুন্দা মৰাৰ ফলত কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। লগে লগে উদ্ধাৰ অভিযান আৰম্ভ হয়। আহতসকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয়।
এয়াৰ কানাডা এক্সপ্ৰেছৰ এখন বিমানে বিমানবন্দৰত ৰখাই থোৱা অগ্নিনিৰ্বাপক বাহিনীৰ ইঞ্জিনৰ সৈতে খুন্দা মৰাৰ ফলত বিমানখনৰ এটা অংশ যথেষ্ট ক্ষতিগ্ৰস্ত হয়। দুৰ্ঘটনাটোত কেইবাজনো লোক আহত হয়।
দুৰ্ঘটনাৰ পিছতে লা গাৰ্ডিয়া বিমানবন্দৰৰ কাষ চাপি অহা বিমানসমূহ ডাইভাৰ্ট কৰা হয়। টেক অফ আৰু লেণ্ডিং দুয়োটা বন্ধ কৰি দিয়া হৈছে। দুৰ্ঘটনাটোৰ অসংখ্য ভিডিঅ’ আৰু ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে।
দুৰ্ঘটনাটোত জড়িত বিমানখন আছিল কানাডাৰ মণ্ট্ৰিয়েলৰ পৰা নিউয়ৰ্কলৈ যোৱা চি আৰ জে-৯০০। ফ্লাইট ট্ৰেকিং ৱেবছাইট ফ্লাইট্ৰাডাৰ ২৪ৰ মতে, বিমানখনে প্ৰায় ২৪ মাইল প্ৰতি ঘণ্টাত (৩৯ কিলোমিটাৰ প্ৰতি ঘণ্টা) বেগত মাটিৰ এখন বাহনত খুন্দা মাৰে।
এই বিমানখন পৰিচালনা কৰিছিল এয়াৰ কানাডাৰ আঞ্চলিক অংশীদাৰ বিমান সংস্থা জাজ এভিয়েশনে। এই দুৰ্ঘটনাৰ পিছতে আমেৰিকাৰ বিমান নিয়ন্ত্ৰক এফ এ এয়ে বিমানচালকসকলক এক সুকীয়া জাননী জাৰি কৰি কয় যে বিমানবন্দৰটো জি এম টিৰ ১৮:০০ বজালৈকে বন্ধ থাকিব পাৰে।












