বিপদত পৰিছে প্ৰতিৱেশী ৰাষ্ট্ৰ পাকিস্তান। ভাৰতে সিন্ধু জলচুক্তি স্থগিত ৰখাৰ বাবে এতিয়া পানীৰ অভাৱত দিন কটাইছে একাংশ পাকিস্তানী নাগৰিকে। পেহেলগাম আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে ভাৰত সিন্ধু জলচুক্তি স্থগিত ৰাখিছিল।যাৰ বাবে এতিয়া সিন্ধু ব-দ্বীপৰ পৰা প্ৰায় ১২ লাখ লোকে অন্য স্থানলৈ পলায়ন কৰিছে।
আনহাতে সিন্ধু ব-দ্বীপৰ প্ৰায় ৪০খন গাঁৱত মৰুভূমিময় পৰিৱেশৰ সৃষ্টি হৈছে। উল্লেখ্য যে, পাকিস্তানৰ সিন্ধু প্ৰদেশৰ দক্ষিণ অঞ্চলত আৰৱ সাগৰৰ উপকূলকীয় সিন্ধু ব-দ্বীপত বসৱাস কৰা লোকসকল খেতি-বাতিৰ সৈতে জড়িত আছিল।লগতে মাছমৰীয়া সম্প্ৰদায়ৰ লোকসকলেও এই স্থানত উপাৰ্জনৰ বাট মোকলাই আহিছিল।
উল্লেখ্য যে, তিব্বতৰ পৰা আৰম্ভ হোৱা সিন্ধু নদী পাকিস্তানলৈ বৈ যোৱাৰ পূৰ্বে কাশ্মীৰেৰে বৈ যায়। কিন্তু জলচুক্তি স্থগিত ৰখাৰ বাবে সিন্ধু ব-দ্বীপৰ পৰা ৮০% পানী বহন প্ৰক্ৰিয়া ব্যাহত হোৱাত এতিয়া পাকিস্তানত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। যাৰ বাবে এতিয়া সিন্ধু ব-দ্বীপৰ পৰা প্ৰায় ১২ লাখ লোকে অন্য স্থানলৈ পলায়ন কৰিছে।