পেহেলগামত হোৱা নৃশংস সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰত চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপক লৈ সন্ত্ৰস্ত হৈ পৰিছে পাকিস্তানী সেনা। ভাৰতৰ হুংকাৰৰ পিছতেই পাকিস্তানৰ সেনা প্ৰধান জেনেৰেল আছিম মুনীৰৰ পৰিয়ালে নিৰাপদ আশ্ৰয় বিচাৰি বিদেশলৈ পলায়ন কৰাৰ খবৰ আহিছে।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা তথ্য অনুসৰি, পাকিস্তানৰ সেনা প্ৰধানৰ লগতে আন কেইবাগৰাকীও শীৰ্ষ সেনা বিষয়াৰ পৰিয়ালে ব্যক্তিগত বিমানেৰে বিদেশলৈ পলায়ন কৰিছে। জানিব পৰা অনুসৰি, এইসকল পৰিয়ালে ব্ৰিটেইন আৰু নিউ জাৰ্ছিত আশ্ৰয় লৈছে।
উল্লেখ্য যে, কিছুদিন পূৰ্বে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনীৰে এটা ভাৰত বিৰোধী মন্তব্য কৰিছিল আৰু ইয়াৰ কিছুদিন পিছতেই অৰ্থাত ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ পেহেলগামত ইছলামিক সন্ত্ৰাসবাদীয়ে ২৮ গৰাকীকৈ পৰ্যটকক নৃশংসভাৱে হত্যা কৰিছিল।
ইফালে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সমগ্ৰ দেশে সন্ত্ৰাসবাদক আশ্ৰয় দিয়া পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। ভাৰতৰ সকলো ৰাজনৈতিক দলো এই বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ লগত আছে বুলি মন্তব্য কৰিছে।
পাকিস্তানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰে চুবুৰীয়া দেশখনৰ সৈতে কৰা সিন্ধু জল চুক্তি বাতিল কৰিছে। বন্ধ কৰি দিয়া হৈছে আটৰী সীমান্ত। পাকিস্তানী নাগৰিকৰ ভিছা বাতিল কৰি ৪৮ ঘন্টাৰ ভিতৰত দেশ এৰি যাবলৈও নিৰ্দেশ প্ৰদান কৰা হৈছে।