বিগত কিছুদিন ধৰি পাকিস্তান আৰু আফগানিস্তানৰ মাজত বৃদ্ধি পাইছে উত্তেজনা। ইয়াৰ মাজতে খবৰ প্ৰকাশ পাইছে যে বুধবাৰে পাকিস্তানে পুনৰবাৰ আফগানিস্তানত বিমান আক্ৰমণ চলায়। এইবাৰ পাকিস্তানে আফগানিস্তানৰ কান্দাহাৰক লক্ষ্য কৰি লোৱা বুলি জানিব পৰা গৈছে।
এই বিমান আক্ৰমণত কেইবাজনো লোক নিহত হোৱাৰ লগতে আন বহু লোকৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে। এই আক্ৰমণত বহু কেইজন তালিবান যোদ্ধাও নিহত হোৱাৰ খবৰ পোৱা গৈছে।
ইণ্টাৰ চাৰ্ভিছ পাব্লিক ৰিলেশ্যনছৰ তৰফৰ পৰা এই আক্ৰমণৰ তথ্য সদৰি কৰে। তেওঁলোকৰ বিবৃতি অনুসৰি বুধবাৰে পুৱা আফগান তালিবানে বোল্ডক অঞ্চলৰ চাৰিটা স্থানত আক্ৰমণ কৰে। এই আক্ৰমণ প্ৰতিহত কৰিবলৈ পাকিস্তান আৰ্মীয়ে চলোৱা প্ৰত্যাক্ৰমণত ১৫ৰ পৰা ২০ গৰাকীকৈ আফগান তালিবানী নিহত হোৱাৰ লগতে আন বহু লোক গুৰুতৰভাৱে আহত হৈছে।
উল্লেখ্য যে কিছুদিন পূৰ্বে যেতিয়া পাকিস্তানে আফগানিস্তানত আক্ৰমণ কৰিছিল তেতিয়া আফগানিস্তানৰ তৰফৰ পৰা তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তালিবানৰ মুখপাত্ৰ জবিহুল্লাহ মুজাহিদে পাকিস্তানক সকীয়াই দিছিল। পাকিস্তানৰ আক্ৰমণৰ তীব্ৰ প্ৰত্যাক্ৰমণ কৰা হ’ব বুলিও হুংকাৰ দিছিল তালিবানে।