প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ৱাশ্বিংটন ডিচিস্থিত হোৱাইট হাউছ ভ্ৰমণৰ সময়ত টেছলাৰ চিইঅ’ এলন মাস্কক সাক্ষাৎ কৰিব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ঘনিষ্ঠ আৰু বিশ্বাসযোগ্য উপদেষ্টাৰূপে আত্মপ্ৰকাশ ঘটা মাস্কৰ সৈতে মোদীৰ এই বৈঠকখন বিশেষ চৰ্চাৰ বিষয় হৈ পৰিছে।
প্ৰধানমন্ত্ৰী মোদীৰ দুদিনীয়া আমেৰিকা ভ্ৰমণত আন বহু নেতাক সাক্ষাৎ কৰাৰ কাৰ্যসূচী সন্নিবিষ্ট কৰা হৈছে যদিও এলন মাস্কৰ সৈতে তেওঁৰ সাক্ষাতক লৈ উত্তেজনা বৃদ্ধি পোৱা দেখা গৈছে।
উল্লেখ্য যে, বুধবাৰে সন্ধিয়া ৱাশ্বিংটনত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী।
প্ৰধানমন্ত্ৰী মোদী আৰু এলন মাস্কৰ সাক্ষাত এয়াই প্ৰথম নহয়। ২০১৫ চনত প্ৰধানমন্ত্ৰীয়ে মাস্কৰ সৈতে ছেন জোছত থকা টেছলাৰ প্লাণ্ট পৰিদৰ্শন কৰিছিল।
অৱশ্যে এইবাৰৰ বৈঠকৰ প্ৰসংগ বেলেগ। ২০১৫ চনত মাস্ক ডেম’ক্ৰেটিক পাৰ্টিৰ সমৰ্থক আছিল যদিও এতিয়া তেওঁ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মূল উপদেষ্টা হিচাপে পৰিগণিত হৈছে।
সূত্ৰ অনুসৰি ভাৰতত টেছলা আৰু স্পেচএক্সৰ সম্ভাৱনাৰ বিষয়ে এই বৈঠকত আলোচনা হোৱাৰ সম্ভাৱনা আছে।
প্ৰধানমন্ত্ৰী মোদীৰ এই বৈঠকখনক বিশেষ বুলিও গণ্য কৰা হৈছে কাৰণ মাস্ক এতিয়া আমেৰিকা প্ৰশাসনৰ ‘চৰকাৰ দক্ষতা বিভাগ’ৰ মুৰব্বী, যাৰ লক্ষ্য হৈছে ফেডাৰেল কাৰ্যসূচী আৰু নিয়ম উন্নত কৰা। এনে পৰিস্থিতিত এই বৈঠকৰ প্ৰভাৱ ৰাজনৈতিক আৰু অৰ্থনৈতিক দুয়োটা স্তৰতে দেখা যায়।