দুটা দশকধৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মণিবন্ধন ‘ৰাখী’ ৰে সজ্জিত কৰি অহা কামাৰ শ্বেখে ১৯ আগষ্ট সোমবাৰে ৰাখী বন্ধন উৎসৱৰ বাবে পুনৰ এবাৰ দিল্লী ভ্ৰমণৰ প্ৰস্তুতি চলাইছে। বিগত ২৯টা বছৰ ধৰি তেওঁ প্ৰধানমন্ত্ৰী মোদীক ৰাখী বান্ধি আহিছে।
কামাৰ শ্বেখৰ জন্ম হৈছিল কৰাচীৰ এটা মুছলমান পৰিয়ালত। ১৯৮১ চনত তেওঁ মহছিন শ্বেখৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তাৰপাছতেই তেওঁ ভাৰতলৈ প্ৰব্ৰজন কৰে ইয়াতেই বসতি কৰিবলৈ লয়। শ্বেখে ১৯৯০ চনৰ পৰা বিগত ৩৫টা বছৰ ধৰি প্ৰধানমন্ত্ৰী মোদীৰ সৈতে যোগাযোগত আছে।
তেওঁ প্ৰধানমন্ত্ৰী মোদীক নিজৰ ভাতৃজ্ঞান কৰে। প্ৰত্যেক বছৰে ৰাখী বন্ধনৰ বাবে শ্বেখে নিজ হাতেৰে মোদীৰ বাবে ৰাখী সাজি উলিয়ায়।
১৯ আগষ্টৰ বাবে শ্বেখে ইতিমধ্যে ৮ ৰ পৰা ১০টা ৰাখী প্ৰস্তুত কৰিছে। তেওঁ সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে, এই ৰাখীসমূহ তেওঁ বজাৰৰ পৰা ক্ৰয় নকৰে। প্ৰত্যেক বছৰে তেওঁ ৰাখী বন্ধনৰ প্ৰাকমূহুৰ্তত নিজ হাতেৰে ৰাখী তৈয়াৰ কৰে আৰু শেষত যিটো ৰাখীৰেই তেওঁ ভাতৃৰ হাত শোভা দেখে, সেইটো ৰাখীয়েই বান্ধে।”
লগতে তেওঁ ইয়াকো কয় যে, এই বছৰ তেওঁ যিটো ৰাখী প্ৰস্তুত কৰিছে, সেইটো ভেলভেটত বনাইছে। এই ৰাখীত তেওঁ মুক্তা, ধাতুৰ এমব্ৰইডাৰী আৰু টিক্কি ব্যৱহাৰ কৰিছে। তেওঁ ইয়াকো কয় যে, ৰাখী বন্ধনৰ এদিন আগত দিল্লীলৈ বুলি তেওঁৰ টিকট বুক কৰা হৈছে।
এগৰাকী ভগ্নী হিচাপে সুদীৰ্ঘ ৩৫টা বছৰ ধৰি তেওঁ নিজ ভাতৃৰ সু-স্বাস্থ্যৰ বাবে তেওঁ সদায় প্ৰাৰ্থনা কৰি আহিছে।
শ্বেখে ১৯৯০ চনত গুজৰাটৰ তদানীন্তন ৰাজ্যপাল স্বৰ্গীয় ড০ স্বৰূপ সিঙৰ জৰিয়তে প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ কথা স্মৰণ কৰে।
সেই সময়ত নৰেন্দ্ৰ মোদীও সেই ঠাইত উপস্থিত আছিল। সিঙে তেতিয়া নৰেন্দ্ৰ মোদীক কৈছিল যে, তেওঁ কামাৰ শ্বেখক তেওঁৰ জীয়ৰী বুলি বিবেচনা কৰে।
এই কথা শুনি প্ৰধানমন্ত্ৰী মোদীয়ে কামাৰ শ্বেখক নিজৰ ভগ্নীৰ মৰ্যাদা দিয়ে। তেতিয়াৰ পৰাই শ্বেখে ৰাখী বন্ধন উৎসৱত মোদীৰ হাতত ৰাখী বান্ধি আহিছে বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে, কোভিড মহামাৰীৰ বাবে তেওঁ মাজতে ৩টা বছৰ প্ৰধানমন্ত্ৰীৰ হাতত ৰাখী বান্ধিব পৰা নাছিল।