চলিত বৰ্ষতে অনুষ্ঠিত হ’ব বিহাৰৰ বিধানসভা নিৰ্বাচন। এইবাৰৰ নিৰ্বাচনত লালু প্ৰসাদ যাদৱ নেতৃত্বাধীন আৰজেডিয়ে কোনো অপৰাধীক টিকট নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দলৰ মুখপাত্ৰ শক্তি সিং যাদৱে বৃহস্পতিবাৰে এখন সংবাদমেলযোগে এই মন্তব্য কৰে। তেওঁ কয় যে এইখন তেজস্বী ৰাজ য’ত অপৰাধীক কোনো স্থান দিয়া নহ’ব।
এই গুৰুত্বপূৰ্ণ মন্তব্য কৰাৰ লগতে মোকামাত হোৱা গুলীচালনা সন্দৰ্ভত অনন্ত সিঙৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে শক্তি সিং যাদৱে। মুখ্যমন্ত্ৰী নীতিশ কুমাৰে হয়তো এই ঘটনা সংঘটিত হোৱা বুলি জ্ঞাত নহয় বুলিও মন্তব্য কৰে শক্তি সিঙে।
পাটনাত চলি আছে এ কে ৪৭ৰ তাণ্ডৱ। থানাৰ পৰা নাতি দূৰৈত চলি আছে গুলীচালনা। অভিযুক্তই কৈছে যে তেওঁ এফআইআৰক লৈ কোনো গুৰুত্ব নিদিয়ে। এজন ব্যক্তিয়ে সমগ্ৰ চৰকাৰক প্ৰত্যাহ্বান জনাইছে। ক্ষমতাৰ সুৰক্ষাত অপৰাধী নিৰ্বিকাৰ। এতিয়ালৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব লাগিছিল বুলিও মন্তব্য কৰে আৰজেডিৰ নেতাগৰাকীয়ে।