উত্তৰাখণ্ডৰ পিথোৰাগড়ত মঙলবাৰে সন্ধিয়া সংঘটিত হয় এক মৰ্মান্তিক দুৰ্ঘটনা। মুৱানী চহৰৰ পৰা বকতালৈ যোৱা এখন যাত্ৰীবাহী বাহন দ’ খাৱৈত বাগৰি পৰে। এই দুৰ্ঘটনাটোত ৮ জন লোকৰ মৃত্যু হৈছে। মৃতসকলৰ ভিতৰত আছে দুই স্কুলীয়া ছাত্ৰ-ছাত্ৰীও।
জানিব পৰা অনুসৰি জিলা সদৰৰ পৰা প্ৰায় ৫২ কিলোমিটাৰ নিলগত সংঘটিত হৈছে এই ঘটনা। যাত্ৰী কঢ়িয়াই নিয়া জীপখন দ’ খাৱৈত বাগৰি পৰাৰ ফলত অঞ্চলটোত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়।
এই কৰুণ দুৰ্ঘটনাটোত ৮ জন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন তিনিজন লোক গুৰুতৰভাৱে আহত হৈছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় লোক আৰু আৰক্ষীৰ দলে উদ্ধাৰ অভিযান চলায়।
ইফালে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়েও এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে। ছ’চিয়েল মিডিয়াত তেওঁ লিখিছে, ‘পিথোৰাগড় জিলাৰ মুৱানী অঞ্চলত বাহন দুৰ্ঘটনাৰ অতি দুখজনক খবৰ লাভ কৰিছো। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো যে দুৰ্ঘটনাত মৃত্যু হোৱা সকলৰ আত্মাক শান্তি প্ৰদান কৰক আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক এই অপৰিসীম যন্ত্ৰণা সহ্য কৰিবলৈ শক্তি প্ৰদান কৰক। আহতসকলৰ সঠিক চিকিৎসাৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰিছো, সকলোৰে আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো।’