অষ্ট্ৰেলিয়া চৰকাৰে নিজৰ দেশত পৰ্যটনৰ প্ৰসাৰৰ বাবে এক অভিযান আৰম্ভ কৰিবলৈ ওলাইছে। অষ্ট্ৰেলিয়াৰ এই অভিযানৰ লগত ছাৰা টেণ্ডুলকাৰৰ নাম জড়িত হৈছে।
আচলতে অষ্ট্ৰেলিয়া চৰকাৰে ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰৰ কন্যা ছাৰা টেণ্ডুলকাৰক এই নতুন পৰ্যটন অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে লৈছে। শচীন তেণ্ডুলকাৰৰ কন্যা ছাৰাৰ বাবে এইয়া এক ভাল খবৰ কাৰণ ছাৰাই বহুবাৰ অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিছে।
এই পৰ্যটন অভিযানৰ বাজেট ১৩ কোটি ডলাৰ, অৰ্থাৎ এই অভিযানত মুঠ ১১৩৭ কোটি টকা ব্যয় কৰা হ’ব। এই অভিযানৰ উদ্দেশ্য হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যটকসকলক অষ্ট্ৰেলিয়াত ছুটী কটাবলৈ প্ৰেৰণা দিয়া। অষ্ট্ৰেলিয়াৰ এই অভিযানে পৃথিৱীৰ বহু ডাঙৰ দেশত ভৰি মেলিবলৈ গৈছে।
অষ্ট্ৰেলিয়াৰ এই পৰ্যটন অভিযান কেৱল ভাৰততে নহয়, আমেৰিকা, জাপান, ব্ৰিটেইন, চীন আদি বৃহৎ দেশতো হ’ব। এই অভিযানৰ অধীনত প্ৰতিখন দেশৰ পৰা জনপ্ৰিয় মুখ এখনক এই অভিযানৰ অংশ হিচাপে গঢ়ি তোলা হ’ব। এইদৰে অষ্ট্ৰেলিয়াৰ পৰ্যটনক প্ৰসাৰিত কৰা হ’ব। ১৩ কোটি ডলাৰৰ এই পৰ্যটন অভিযান ৭ আগষ্টৰ পৰা আৰম্ভ হ’ব।
অষ্ট্ৰেলিয়াৰ পৰ্যটন অভিযানৰ অধীনত শচীন টেণ্ডুলকাৰৰ কন্যা ছাৰা টেণ্ডুলকাৰে অষ্ট্ৰেলিয়াত কটোৱা অভিজ্ঞতা ৰাইজৰ সৈতে ভাগ কৰিব। উল্লেখ্য যে, এই নতুন অভিযানত ভাৰতৰ ছাৰা টেণ্ডুলকাৰ, আমেৰিকাত ৰবাৰ্ট ইৰউইন, ব্ৰিটেইনৰ নিগেলা লছন, চীনৰ যোছ ইউ আৰু জাপানৰ আবাৰেৰু-কুন অন্তৰ্ভুক্ত কৰা হৈছে।