শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতক মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছে। আদালতে তেওঁক ১৫ দিনৰ কাৰাদণ্ড দিয়ে। লগতে আদালতে তেওঁৰ ওপৰত ২৫,০০০ টকাৰ জৰিমনাও আৰোপ কৰে।
বিজেপি নেতা কিৰিট সোমাইয়াৰ পত্নী মেধা কিৰিটে ৰাউতৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। মেধাই তেওঁৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰে।
মেধা সোমাইয়াৰ আবেদনৰ শুনানি মুম্বাইৰ সেৱাৰী আদালতত হৈছিল। আদালতে এই ক্ষেত্ৰত শিৱসেনাৰ সাংসদক দোষী সাব্যস্ত কৰে। মেধাৰ অধিবক্তা বিবেকানন্দ গুপ্তাই কয় যে, আদালতে সঞ্জয় ৰাউতক ১৫ দিনৰ বাবে দণ্ডিত কৰিছে আৰু তেওঁৰ ওপৰত ২৫,০০০ টকাৰ জৰিমনা আৰোপ কৰিছে।
উল্লেখ্য ৰাউতে মেধাৰ বিৰুদ্ধে ১০০ কোটি টকাৰ শৌচাগাৰ কেলেংকাৰীত জড়িত থকাৰ অভিযোগ কৰিছিল। ৰাউতৰ এই অভিযোগ মেধাই খণ্ডন কৰিছিল আৰু কৈছিল যে তাইৰ বিৰুদ্ধে তেওঁৰ অভিযোগ ভিত্তিহীন আৰু মানহানিকৰ প্ৰকৃতিৰ।
এই গোচৰটো ২০২২ চনৰ। সঞ্জয় ৰাউতে মেধা সোমাইয়াৰ বিৰুদ্ধে মুলুন্দৰ শৌচাগাৰ কেলেংকাৰীত জড়িত থকাৰ অভিযোগ তুলিছিল। ইয়াৰ পিছত, কিৰিট সোমাইয়াই সঞ্জয় ৰাউতক এই অভিযোগৰ প্ৰমাণ দিবলৈ প্ৰত্যাহ্বান জনাইছিল। মেধা সোমাইয়াই সঞ্জয় ৰাউতৰ বিৰুদ্ধে কোনো উচিত প্ৰমাণ দিব নোৱাৰাৰ পিছতেই ১০০ কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰে।
সোমাইয়াই অভিযোগ দিয়ে যে, ৰাউতে ইলেক্ট্ৰনিক সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত এই অভিযোগৰ পুনৰাবৃত্তি কৰে। তেওঁ নিজৰ এই দাবীৰ সমৰ্থনৰ বাবে ৰাউতৰ সাক্ষাৎকাৰৰ এটা ভিডিঅ’ ক্লিপ আদালতত দাখিল কৰে। সোমাইয়াই কয় যে, এই অভিযোগ আগশাৰীৰ বাতৰি চেনেলসমূহৰ দ্বাৰা বহুলভাৱে প্ৰচাৰিত হৈছিল।