‘মই লংকেশ’… ৰামায়ণৰ ৰাৱণৰ চৰিত্ৰত অভিনয় কৰা চৰিত্ৰটোৱে এই কথা কোৱা আপুনি নিশ্চয় শুনিছে। কিন্তু, মধ্যপ্ৰদেশৰ জবলপুৰত আছে এজন প্ৰকৃত লংকেশ। পেছাত দৰ্জী সন্তোষ নামদেৱ নামৰ লোকজনক সাধাৰণ লোকে ‘লংকেশ’ নামেৰে চিনি পায়।
লংকেশৰ দুজন পুত্ৰ আছে, যাৰ নাম ৰাখিছে মেঘনাথ আৰু অক্ষয়। লংকেশে ১৯৭৫ চনৰ পৰা অৰ্থাৎ যোৱা ৪৯ বছৰ ধৰি ৰাৱণ পূজা কৰি আহিছে।
নৱৰাত্ৰিৰ সময়ত যেতিয়া মানুহে মা দুৰ্গা দেৱীৰ মূৰ্তি প্ৰতিষ্ঠা কৰে তেতিয়া লংকেশে ৰাৱণৰ মূৰ্তি স্থাপন কৰে। বিজয়া দশমীৰ দিনা যেতিয়া মানুহে ৰাৱণৰ প্ৰতিমূৰ্তি দাহ কৰে সেই সময়ত তেওঁ ৰাৱণৰ মূৰ্তি বিসৰ্জন দিয়ে। সন্তোষৰ এই অনন্য ভক্তিই তেওঁক লংকেশ হিচাপে পৰিচিত কৰি তুলিছে।
উল্লেখ্য যে, জবলপুৰৰ পাটন গাঁৱৰ বাসিন্দা সন্তোষ নামদেৱ ওৰফে লংকেশ পেচাত এগৰাকী দৰ্জী। তেওঁ সৰুৰে পৰা ৰামলীলা চাবলৈ গৈছিল। কিছু ডাঙৰ হোৱাৰ পিছত তেওঁ ভগৱান ৰাম আৰু ৰাৱণৰ সেনাত সৈনিক হিচাপে চৰিত্ৰ ৰূপায়নৰ সুযোগ লাভ কৰিছিল। ইয়াৰ কিছু বছৰ পিছত তেওঁ ৰামলীলাৰ ৰাৱনৰ চৰিত্ৰত অভিনয় কৰে।
ৰাৱনৰ চৰিত্ৰত অভিনয় কৰাৰ পিছৰে পৰা তেওঁ লংকাপতি ৰাৱণৰ বিষয়ে অধিক জানিব পাৰি ভক্তি ভাৱ বাঢ়ি আহে। ৰাৱণৰ ভক্তিত ইমানেই বিহ্বল হৈছিল যে তেওঁ নিজৰ ল’ৰা সন্তান দুটিৰ নাম মেঘনাথ আৰু অক্ষয় ৰাখে। ৰাৱণৰ দুই পুত্ৰৰ নামো আছিল মেঘনাথ আৰু অক্ষয়।
সন্তোষ নামদেৱ ওৰফে লংকেশে যোৱা ৫০ বছৰ ধৰি ৰাৱণক পূজা কৰি আহিছে। নৱৰাত্ৰিৰ পঞ্চম দিনা ৰাৱণৰ মূৰ্তি স্থাপন কৰে। এই সময়ত ৰাৱণক পুৱা আৰু গধূলি পূজা কৰিব লাগে। দুৰ্গা পূজাৰ দশমীৰ দিনা ৰাৱণৰ মূৰ্তি বিসৰ্জন দিয়ে। ইয়াৰ বাবে অতি আড়ম্বৰপূৰ্ণভাৱে শোভাযাত্ৰা উলিওৱা হয়, য’ত গাঁৱৰ শ শ লোকে অংশগ্ৰহণ কৰে। লংকেশে ৰাৱণক নিজৰ গুৰু আৰু প্ৰিয় দেৱতা বুলি গণ্য কৰে।
ৰাৱণক পূজা কৰি অহা সন্দৰ্ভত লংকেশে কয় যে ৰজা ৰাৱণৰ ভাল-বেয়া দুয়োটা দিশে আছিল, কিন্তু মই তেওঁৰ ভালখিনিৰ বাবেহে পূজা কৰো। ৰাৱণ বহু জ্ঞানী আৰু পণ্ডিত আছিল। তেওঁৰ কোনো দোষ নাছিল। মই বিগত ৪৯ বছৰ ধৰি ৰাৱণ পূজা কৰি আহিছো, মই মোৰ জীৱনত যি পাইছো সেয়া সকলো তেওঁৰ বাবে হৈছে।
লংকাৰ শাসক ৰাৱণে যি কৰিছিল সেয়া নিজৰ অসুৰ বংশক বচাবলৈ কৰিছিল। তেওঁ সীতা মাক অপহৰণ কৰি অশোক বাটিকাত ৰাখিছিল, য’ত কেৱল মানুহ আৰু অসুৰেই নহয়, আনকি জীৱ-জন্তু-পক্ষীকো তাত যোৱাৰ অনুমতি দিয়া হোৱা নাছিল।