২ ছেপ্তেম্বৰৰ মাজ নিশা উজ্জয়িনীস্থিত ভাৰতীয় ষ্টেট বেংকৰ মহানন্দ নগৰ শাখাৰ পৰা কোটি কোটি টকা চুৰি হয়। অৱশ্যে এই চুৰিৰ আটাইতকৈ আচৰিত কথাটো হ’ল বেংকৰ তলা ভাঙি এই চুৰি কাৰ্য সম্পন্ন হোৱা নাছিল, আচলতে তলাবোৰ ভিতৰৰ পৰা খুলিহে দিয়া হৈছিল।
ইয়াৰ দ্বাৰা আৰক্ষীয়ে এই অপৰাধৰ লগত বেংকৰ কোনো ভিতৰৰ মানুহ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে। তথ্য অনুসৰি ২জন লোকে গভীৰ নিশা বেংকত উপস্থিত হৈ মূল গেট আৰু লকাৰৰ তলা খুলি ১-২ কোটি টকাৰ সোণ আৰু প্ৰায় আঠ লাখ টকাৰ নগদ ধন লৈ যায়। বেংকৰ মেনেজাৰ আৰু চাফাই কৰ্মীজনে ৰাতিপুৱাই এই চুৰিৰ কথা গম পায়।
ঘটনাৰ খবৰ পাই আৰক্ষীয়ে সেই স্থান পৰিদৰ্শন কৰে। এফ এছ এল, ফিংগাৰপ্ৰিণ্ট, চাইবাৰ আৰু ক্ৰাইম টিমে থিতাতে বেংকটো পৰিদৰ্শন কৰি ক্লু সংগ্ৰহ কৰে। বেংকত স্থাপন কৰা চিচিটিভি কেমেৰা তদন্তত গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব পাৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। একে সময়তে বেংকৰ সন্মুখত থকা দোকানখনৰ কেমেৰাত বন্দী হৈছে চোৰৰ কিছু ছবি।
আৰক্ষী অধীক্ষক উজ্জয়ন প্ৰদীপ শৰ্মাই কয় যে সকলো তলা ক্ৰমাগতভাৱে খোলা হৈছিল, যিটো চাবি অবিহনে সম্ভৱ নহয়। গতিকে ইয়াৰ লগত কোনো ভিতৰৰ মানুহ জড়িত হোৱাৰ সম্ভাৱনা আছে। তেওঁ কয় যে আৰক্ষীয়ে ফুটেজ আৰু অন্যান্য প্ৰমাণ বিশ্লেষণ কৰি আছে।
চুৰি হোৱা সোণখিনি বেংকৰ সোণৰ ঋণৰ সৈতে জড়িত। আৰক্ষীয়ে চুৰি হোৱা সোণ আৰু নগদ ধনৰ প্ৰকৃত পৰিচয় আৰু ব্যৱহাৰৰ তদন্তও অব্যাহত ৰাখিছে। ঘটনাৰ লগত জড়িত লোকসকলক চিনাক্ত কৰি ধৰিবলৈ তৎপৰ হৈ পৰিছে আৰক্ষী। আৰক্ষী বিষয়াগৰাকীয়ে আশ্বাস দিয়ে যে অতি সোনকালে সমগ্ৰ ঘটনাটো পোহৰলৈ আহিব আৰু দোষীসকলক আইনৰ অধীনত শাস্তি প্ৰদান কৰা হ’ব।