‘ওম ত্ৰয়ম্বকম যজামাহে সুগন্ধিম পুষ্টি বৰ্ধনম্।
উৰ্ৱৰুকামিৱ বন্ধানান মৃত্যুমুৰ্খীয় মামৃতাত ॥’
আজি মহা শিৱৰাত্ৰি। দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে আজি সমগ্ৰ দেশতে উদযাপন হ’ব শিৱৰাত্ৰি। মহা শিৱৰাত্ৰি উপলক্ষে গুৱাহাটী মহানগৰীৰ উমানন্দ, শুক্ৰেশ্বৰ মন্দিৰৰ লগতে শিৱসাগৰৰ শিৱদৌলকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মন্দিৰসমূহত আড়ম্বৰপূৰ্ণভাৱে শিৱ পূজাৰ আয়োজন কৰা হৈছে।
মহাশিৱৰাত্ৰিৰ দিনা ভগৱান শিৱ আৰু মা পাৰ্বতীৰ ব্ৰতৰ কাহিনী আবৃত্তি কৰিব লাগে। এই ব্ৰতৰ গুৰুত্ব শিৱ পুৰাণত বৰ্ণনা কৰা হৈছে, সেই অনুসৰি যদি কোনো ব্যক্তিয়ে মহাশিৱৰাত্ৰিৰ ব্ৰত পালন কৰে, তেন্তে তেওঁ ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰে, যাৰ ফলত তেওঁৰ জীৱনৰ সকলো সমস্যা দূৰ হয় আৰু তেওঁৰ আকাংক্ষিত ইচ্ছাও পূৰণ হয়।
এই পৱিত্ৰ দিনটোত ৰাজ্যৰ লগতে দেশৰ মঠ-মন্দিৰসমূহ মুখৰিত হৈ পৰে শিৱ-বন্দনাৰে। এই দিনটোত সকলোৱে উপৱাসে থাকি শিৱৰ ব্ৰত পালন কৰি ভগৱান শিৱৰ আশীষ লাভ কৰে।
মহা শিৱৰাত্ৰিৰ ব্ৰত পালনৰ নিয়ম-
১) মহা শিৱৰাত্ৰিৰ এই দিনটোত সাত্বিক আহাৰ গ্ৰহণ কৰিব লাগে। ব্ৰত অনুকূল খাদ্যসামগ্ৰী যেনে ফল-মূল, বুটমাহ আদি খাব লাগে।
২) শিৱ পূজা কৰাৰ পূৰ্বে শিৱলিংগত পানী, গাখীৰ, কেশৰ, মৌ আৰু গংগা পানী অৰ্পন কৰিব লাগে।
৩) মহাশিৱৰাত্ৰি পূজাৰ সময়ত ভগৱান শিৱক বেল পাত্ৰ, ধতুৰা ফল, কেঁচা চাউল, গাখীৰ, দৈ, চন্দন, ঘিউ আৰু পানী আগবঢ়াব লাগে। সফলতা, সমৃদ্ধি, শান্তি আৰু সুখৰ আশীৰ্বাদ লাভ কৰিবলৈ এই সামগ্ৰীসমূহ ভগৱান শিৱক আগবঢ়োৱা হয়।
৪)ভক্তসকলে গাখীৰ আৰু ইয়াৰ উৎপাদিত সামগ্ৰী যেনে বৰফী, পেডা, খীৰ আদিৰে তৈয়াৰী মিঠাইও আগবঢ়াব পাৰে।
৫)ভোলানাথক ব্ৰতত চাউল অৰ্পন কৰিব নালাগে বুলি বহুতেই কয়।