বৃহস্পতিবাৰে আমেৰিকাৰ কেলিফৰ্ণিয়াত এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত বহু লোকৰ মৃত্যু হ’ব পাৰে বুলি আশংকা কৰা হৈছে। লাভ কৰা তথ্য অনুসৰি বৃহস্পতিবাৰে পুৱা আমেৰিকাৰ ছান ডিয়েগোত কুঁৱলীৰ বাবে এখন সৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হয়।
এই বিমান দুৰ্ঘটনাটোৰ বাবে প্ৰায় ১৫টা ঘৰতো অগ্নিকাণ্ড সংঘটিত হয়। বিমান দুৰ্ঘটনাৰ পিছত অঞ্চলটো খালী কৰা হৈছে। সংবাদ সংস্থা এ পিৰ প্ৰতিবেদন অনুসৰি এই দুৰ্ঘটনাত বহু লোকৰ মৃত্যু হৈছে।
এই দুৰ্ঘটনাৰ সৈতে জড়িত বহু ছবি আৰু ভিডিঅ’ সম্প্ৰতি প্ৰকাশ পাইছে। য’ত বহু ঘৰত জুই জ্বলি থকা দেখা যায়।
অগ্নিনিৰ্বাপক বাহিনীৰ এজন বিষয়াৰ উদ্ধৃতিৰে এ পিৰ প্ৰতিবেদনত কোৱা হয় যে দুৰ্ঘটনাৰ পিছত বিমানখনৰ পৰা ইন্ধন চৌদিশে বিয়পি পৰিছিল। এনে পৰিস্থিতিত আমাৰ প্ৰথম লক্ষ্য হ’ল ইয়াত থকা সকলো ঘৰত তালাচী চলাই তাত থকা লোকসকলক সুৰক্ষিতভাৱে উলিয়াই অনা।
উল্লেখ্য যে, এই দুৰ্ঘটনাত কিমান লোকৰ মৃত্যু হৈছে তাৰ তথ্য এতিয়াও প্ৰকাশ হোৱা নাই। কিন্তু সংবাদ সংস্থা এ পিৰ বাতৰি অনুসৰি দুৰ্ঘটাটোত কেইবাজনো লোকৰ মৃত্যু হৈছে।