মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু ৱাটছ উইলম’ৰ ৩ মাহৰো অধিক সময় ধৰি মহাকাশত আৱদ্ধ হৈ আছে। আনহাতে, দুয়ো আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ যোৱা মহাকাশযান ষ্টাৰলাইনাৰ এতিয়া তেওঁলোক দুয়োজনৰ অবিহনে উভতি আহিছে। ইফালে, সুনীতা উইলিয়ামছ আৰু ৱাটছ উইলম’ৰৰ প্ৰথম বিবৃতি পোহৰলৈ আহিছে। তেওঁলোকে কয়, যে, তেওঁলোকে পৰৱৰ্তী সুযোগৰ বাবে অপেক্ষা কৰি আছে।
মহাকাশযানখন উভতি অহাৰ পিছত প্ৰথমবাৰৰ বাবে সুনীতা উইলিয়ামছ আৰু ৱাটছ উইলম’ৰে সংবাদ সন্মিলনত কয় যে, বোয়িং ষ্টাৰলাইনাৰখন তেওঁলোকৰ অবিহনে পৃথিৱীলৈ উভতি যোৱাটো তেওঁলোকৰ বাবে অতি দুখজনক আছিল।
অভিযানটোত তেওঁলোকে সন্মুখীন হোৱা কাৰিকৰী ত্ৰুটিৰ বাবে তেওঁলোকে বোয়িং আৰু নাছাৰ ওপৰত খং কৰিছে নেকি বুলি সোধাত ৱাটছ উইলম’ৰে সুনীতাৰ টি-চাৰ্টত থকা নাছাৰ লোগোলৈ আঙুলিয়াই কয়, “ই আমি কিহৰ বাবে থিয় দিছো তাক প্ৰতিনিধিত্ব কৰে।”
এই অভিযানটো ৮ দিনৰ পৰা ৮ মাহ হৈছেগৈ। ইতিমধ্যে মহাকাশত ৩ মাহ অতিবাহিত কৰাৰ পিছত, দুয়োগৰাকী মহাকাশচাৰীয়ে মহাকাশত আৰু ৫ মাহ সময় অতিবাহিত কৰিব লাগিব। এই বিষয়ত তেওঁলোক দুয়োজনে কৈছিল যে, ইয়াৰ বাবে তেওঁলোক সাজু। ৱাটছ উইলম’ৰে কৈছিল, ৮ দিনৰ পৰা ৮ মাহলৈ, তেওঁলোকে নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰিব।
ইফালে ৫ নৱেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচন সন্দৰ্ভত সুনীতা আৰু বাচ্চ উইলম’ৰে কয় যে, তেওঁলোকে মহাকাশৰ পৰা ভোট দিয়াৰ পৰিকল্পনা কৰি আছে।
ষ্টাৰলাইনাৰ মহাকাশযানৰ কাৰিকৰী ত্ৰুটিৰ বাবে, দুয়োজন মহাকাশচাৰীৰ উভতি অহাৰ অভিযান বাৰে বাৰে পিছুৱাই দিয়া হৈছিল, যাৰ পিছত নাছাই ২৪ আগষ্টত ঘোষণা কৰিছিল যে, সুনীতা উইলিয়ামছ আৰু উইলম’ৰ ক্ৰু ৯ অভিযানৰ অংশ হ’ব আৰু তেওঁলোকে ২০২৫ চনৰ ফেব্ৰুৱাৰীত স্পেচএক্সৰ ড্ৰেগন মহাকাশযানৰ জৰিয়তে সম্পূৰ্ণ ৮ মাহৰ পিছত উভতি আহিব।