মহাৰাষ্ট্ৰ চৰকাৰৰ বৃহৎ ঘোষণা। শিশুৰ মনোজগতত দেশপ্ৰেমৰ বীজ ৰোপণৰ উদ্দেশ্যে বিদ্যালয়সমূহত প্ৰথম শ্ৰেণীৰ পৰাই ছাত্ৰ-ছাত্ৰীসকলক সামৰিক প্ৰশিক্ষণ প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে।
চৰকাৰৰ এই পদক্ষেপৰ বিষয়ে ঘোষণা কৰিছে মহাৰাষ্ট্ৰ চৰকাৰৰ শিক্ষামন্ত্ৰী দাদা ভূছে। এই উদ্দেশ্যে বিদ্যালয়সমূহত আঢ়ৈ লাখ প্ৰাক্তন সেনা-কৰ্মীক নিযুক্তি প্ৰদানৰ চিন্তা-চৰ্চা কৰা হৈছে বুলিও উল্লেখ কৰে।
ইতিমধ্যে এই সম্পৰ্কীয় এক প্রস্তাব ৰাজ্যখনৰ মুখ্যমন্ত্রী দেবেন্দ্র ফড়ণবিশৰ হাতত দাখিল কৰা হৈছে। শিক্ষামন্ত্ৰী দাদা ভূছেৰ এই প্ৰস্তাৱৰ প্ৰতি বিশেষ আগ্ৰহ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ফড়ণবিশে।
ৰাজ্যখনৰ সকলো স্তৰৰ বিদ্যালয়তে এই শিক্ষা বাধ্যতামূলক কৰাৰ পক্ষপাতী কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। শিক্ষাৰ্থীৰ মনত দেশভক্তি, নিয়মানুবর্তিতা আৰু শাৰীৰিক অনুশীলনৰ অভ্যাস গঢ়ি তোলাৰ উদ্দেশ্যে প্ৰথম শ্ৰেণীৰ পৰাই সামৰিক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।
প্ৰাথমিক সামৰিক প্ৰশিক্ষণৰ ক্ষেত্ৰত যাতে কোনো ত্ৰুটি নৰয় তাৰ প্ৰতি বিশেষ লক্ষ্য ৰাখিব চৰকাৰে। এই আঁচনিখন ফলপ্ৰসূ কৰিবলৈ প্ৰয়োজনত ক্রীড়া শিক্ষক, এনচিচি, স্কাউটছৰ ব্যৱস্থা কৰা হ’ব।