শনিবাৰে কলকাতাত ভাৰতীয় ছাত্ৰ ফেডাৰেচনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে তৃণমূল কংগ্ৰেছে। এই প্ৰতিবাদৰ পিছতেই জাদৱপুৰ বিশ্ববিদ্যালয়ত এছ এফ আইৰ সদস্যই পশ্চিম বংগৰ শিক্ষামন্ত্ৰী ব্ৰাত্য বসুক আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে তৃণমূল কংগ্ৰেছে। উত্থাপিত অভিযোগ অনুসৰি, বসুৰ গাড়ীৰ উইণ্ড’স্ক্ৰীণ ভঙাৰ লগতে তেওঁৰ নিৰাপত্তাৰক্ষীৰ লগতো অশালীন ব্যৱহাৰ কৰিছে।
শনিবাৰে চি পি আই (এম)ৰ ছাত্ৰ শাখা এছ এফ আই আৰু আই এছ এৰ সদস্যসকলে জাদৱপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ সময়ত শিক্ষামন্ত্ৰীৰ গাড়ীখন ঘেৰাও কৰি আক্ৰমণ কৰে। গাড়ীত উঠিবলৈ ওলোৱাৰ সময়তে ১০০ৰো অধিক প্ৰতিবাদকাৰীয়ে বসুক ঘেৰি ধৰি আক্ৰমণ কৰে।
শিক্ষামন্ত্ৰী বসুৱে কয়, ‘মই প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিলো, কিন্তু তেওঁলোকে কোনো ধৰণৰ আলোচনা বিচৰা নাছিল। তেওঁলোকে কেৱল বিশৃংখলতা সৃষ্টি কৰিব বিচাৰিছিল।’
পাঁচজন ছাত্ৰ প্ৰতিনিধিৰ সৈতে আলোচনাৰ প্ৰস্তাৱ দিছিল যদিও প্ৰতিবাদকাৰীসকলে শান্ত হোৱা নাছিল বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।
উল্লেখ্য যে, বসুৰ হাতত আঘাত পোৱাত তেওঁক এছ এছ কে এম হাস্পতাললৈ লৈ যোৱা হয়। চিকিৎসালয়ৰ পৰা ওলাই আহোঁতে তেওঁ কয় যে বুকুৰ বিষৰ বাবে এক্স-ৰে কৰা হৈছিল যদিও কোনো গুৰুতৰ আঘাত হোৱা নাই।
ইফালে এছ এফ আইৰ নেত্ৰী কৌশিকী ভট্টাচাৰ্যই তৃণমূলৰ অভিযোগ নাকচ কৰি কয়, ‘আমি হিংসাৰ আশ্ৰয় লোৱা নাছিলো। তৃণমূলৰ বাহিৰা লোকে আমাৰ কৰ্মীক আক্ৰমণ কৰিছিল আৰু আমাক গালি-গালাজ কৰিছিল।’