ৰাষ্ট্ৰীয় নিৰাপত্তা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যেৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদ (এন এছ চি)ত নিযুক্তি দিয়া ১০০জন বিষয়াক অপসাৰণ কৰাৰ সিদ্ধান্ত লৈছে। আমেৰিকাত ডিপ ষ্টেট নিৰ্মূল কৰাৰ বাবে উঠি পৰি লগা ট্ৰাম্পৰ এই সিদ্ধান্তক কাৰ্যকৰী কৰাৰ ঘোষণা কৰে (ভাৰপ্ৰাপ্ত) এন এছ এ মাৰ্কো ৰুবিঅ’ই।
তথ্য অনুসৰি ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ পৰা আঁতৰোৱা ১০০জন বিষয়াৰ আটাইকেইজনেই ভাৰত-প্ৰশান্ত মহাসাগৰীয়, ইৰাণ আৰু ইউক্ৰেইনৰ সৈতে জড়িত ডেস্কত কাৰ্যনিৰ্বাহ কৰি আছিল। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ভাৰত আৰু চীন আৰু সমগ্ৰ দক্ষিণ-পূব এছিয়া অন্তৰ্ভুক্ত।
দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ আসনত অধিষ্ঠিত হোৱাৰ কিছু সপ্তাহ পিছতেই ড’নাল্ড ট্ৰাম্পে এন এছ এৰ পৰা বৰ্খাস্ত কৰিছিল মাইক ভল্টাজক। মধ্য প্ৰাচ্যত চলি থকা অভিযানৰ সবিশেষ এটা ছ’চিয়েল মিডিয়া এপৰ জৰিয়তে ফাদিল কৰাৰ গুৰুতৰ অভিযোগত ভল্টাজক বৰ্খাস্ত কৰা হৈছিল।
ভল্টাজক এন এছ এৰ গুৰুত্বপূৰ্ণ পদবীৰ পৰা আঁতৰোৱাৰ পিছত ট্ৰাম্পে এই দায়িত্ব প্ৰদান কৰিছিল বিদেশ সচিব মাৰ্কো ৰুবিয়োক। এতিয়াও মাৰ্কো ৰুবিয়োৱে এই দায়িত্ব পালন কৰি আছে।