উত্তৰাখণ্ডৰ উত্তৰকাশীত ডাৱৰ বিস্ফোৰণৰ ফলত ব্যাপক ধ্বংসলীলা সংঘটিত হয়। ধৰালীৰ উচ্চ অঞ্চলত ডাৱৰ বিস্ফোৰণৰ পিছত খীৰগংগা নদীত বানপানীৰ সৃষ্টি হয়, যাৰ বাবে ধৰালী গাঁও ধ্বংস হৈছে। পানী আৰু ধ্বংসাৱশেষৰ দ্ৰুত সোঁতৰ বাবে ২০খনতকৈও অধিক হোটেল, ঘৰ আৰু হোমষ্টে তাঁচ পাতৰ দৰে ভাঙি পৰে।
ইফালে ধাৰালী, হৰ্শিল আৰু সুখী টপত বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত আছে। এই পৰ্যন্ত ১৩০ জনতকৈ অধিক লোকক উদ্ধাৰ কৰা হৈছে।
এই বানৰ ফলত এই পৰ্যন্ত ১০ জন লোকৰ প্ৰাণহানি হোৱাৰ খবৰ পোৱাৰ বিপৰীতে প্ৰায় ১০ জন সেনা জোৱানকে ধৰি বহু লোক এতিয়াও সন্ধানহীন হৈ আছে। সেনা, এছডিআৰএফ, এনডিআৰএফ আৰু আৰক্ষী-প্ৰশাসনৰ দলসমূহে যুদ্ধৰ ভিত্তিত সাহায্য আৰু উদ্ধাৰৰ কামত নিয়োজিত হৈ আছে। ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বিধ্বংসী পৰিস্থিতিৰ পিছতে উদ্ধাৰ অভিযান দ্ৰুতগতিত অব্যাহত আছে। ৰাজ্যিক নিয়ন্ত্ৰণ কক্ষৰ পৰাই ধৰালীৰ দুৰ্যোগৰ ওপৰত নজৰ ৰখা হৈছে।
সমগ্ৰ উত্তৰাখণ্ডত বৰষুণৰ ফলত ভূমিস্খলনৰ বহু ঘটনাও সংঘটিত হৈছে। উত্তৰাখণ্ডৰ ডাৱৰ বিস্ফোৰণৰ কাণ্ডত নিহত লোকসকলক বিচাৰি উলিওৱাত সহায় কৰিবলৈ এন ডি আৰ এফে প্ৰথমটো বডি চাৰ্চ ডগ নিয়োগ কৰাৰ সিদ্ধান্ত লৈছে। এই বডি চাৰ্চ ডগ দিল্লীৰ পৰা বিমানেৰে লৈ যোৱা হ’ব, আনহাতে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা বাহিনীটোৰ তিনিটা দল সেই স্থানত উপস্থিত হৈছে, প্ৰত্যেকটোতে ৩৫ জন উদ্ধাৰকাৰী ৰখা হৈছে।
আনহাতে, বুধবাৰেও উত্তৰাখণ্ডৰ বতৰৰ পৰা বিশেষ সকাহ পোৱাৰ সম্ভাৱনা নাই। বতৰ বিজ্ঞান বিভাগে ৰাজ্যৰ বহু ঠাইত ধাৰাসাৰ বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে। একে সময়তে কিছু ঠাইত অৰেঞ্জ এলাৰ্ট সতৰ্কবাণীও জাৰি কৰা হৈছে। বতৰ বিজ্ঞান বিভাগে হৰিদ্বাৰ, নৈনিতাল আৰু উধৰ সিং নগৰ জিলাৰ একাংশ স্থানত ধাৰাসাৰ বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে। একে সময়তে চম্পাৱত, বাগেশ্বৰ, উত্তৰকাশী, পৌৰী, তেহৰী আৰু ডেৰাডুনত বৰষুণৰ অৰেঞ্জ এলাৰ্ট সতৰ্কবাণী জাৰি কৰা হৈছে।