আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইউক্ৰেইনৰ সৈতে শান্তি চুক্তিৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে। যুদ্ধবিৰতিৰ বাবে ৰাছিয়া সাজু বুলি মন্তব্য কৰিছে ৰাষ্ট্ৰপতি পুটিনে। অৱশ্যে ইয়াৰ বাবে তেওঁ বান্ধি দিছে এটা বিশেষ চৰ্ত।
পুটিনে কয় যে আমি যুদ্ধবিৰতিৰ বাবে সাজু, কিন্তু এয়া দীৰ্ঘম্যাদী হ’ব লাগিব।
বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাচেংকোৰ সৈতে হোৱা আলোচনাৰ অন্তত পুটিনে কয় যে শত্ৰুতা শেষ কৰাৰ প্ৰস্তাৱত ৰাছিয়াই সন্মতি প্ৰকাশ কৰিছে। তেওঁ কয় যে আমি দীৰ্ঘদিন ধৰি শান্তিৰ পক্ষত আছো। যুদ্ধবিৰতিৰ ফলত চিৰস্থায়ী শান্তি আহিব।
যুদ্ধ সমাধানৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে পুটিনে ট্ৰাম্পক ধন্যবাদ জনায়। পুটিনে কয় যে যুদ্ধৰ প্ৰকৃত কাৰণসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰাটো প্ৰয়োজন।
লগতে তেওঁ কয় যে তেওঁৰ মনত এতিয়াও বহু প্ৰশ্ন আৰু উদ্বেগ আছে বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে কথা পাতিব। ইফালে যুদ্ধবিৰতি সন্দৰ্ভত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বক্তব্যক প্ৰশংসা কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ট্ৰাম্পে কয় যে তেওঁ পুটিনক অতি সোনকালে সাক্ষাৎ কৰি এই সমস্যা সমাধান কৰিব।
উল্লেখ্য যে, ১১ মাৰ্চত ছৌদি আৰৱৰ জেদ্দাত ইউক্ৰেইন আৰু আমেৰিকাৰ শীৰ্ষ বিষয়াসকলৰ মাজত ৮ ঘণ্টাৰো অধিক সময় ধৰি হোৱা বৈঠকৰ অন্তত ইউক্ৰেইনে যুদ্ধবিৰতিৰ প্ৰস্তাৱক সমৰ্থন জনাইছিল। এই বৈঠকত উপস্থিত আছিল আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিয়ো।