প্ৰায় আঢ়ৈ বছৰ ইজনে-সিজনৰ পৰা দূৰত থকাৰ পিছত ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা যুজবেন্দ্ৰ চাহাল আৰু তেওঁৰ নৃত্য পৰিচালক পত্নী ধনশ্ৰী বাৰ্মাৰ বিবাহ বিচ্ছেদ হয়। বিগত কিছু দিনৰ পৰা দুয়োৰে বিবাহ বিচ্ছেদ সম্পৰ্কে বাতৰি প্ৰকাশ পাই আছিল, তাৰ পিছত দুয়োজনে বান্দ্ৰাৰ পৰিয়াল আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদন জনাইছিল।
২০ মাৰ্চ বৃহস্পতিবাৰে পৰিয়াল আদালতে দুয়োৰে বিবাহ বিচ্ছেদৰ আবেদনত অনুমোদন জনাইছে। ইয়াৰ লগে লগে তেওঁলোকৰ প্ৰায় ৪ বছৰ ৩ মাহৰ পিছত স্বামী-স্ত্ৰীৰ সম্পৰ্ক অন্ত পৰিল।
২০ মাৰ্চ বৃহস্পতিবাৰে মুম্বাইৰ বান্দ্ৰা পৰিয়াল আদালতে বিবাহ বিচ্ছেদ সন্দৰ্ভত চূড়ান্ত ৰায় প্ৰদান কৰে। এই শুনানিৰ বাবে চাহাল আৰু ধনশ্ৰীয়ে পৃথকে পৃথকে আদালতত উপস্থিত হৈছিল। ক’লা জেকেট আৰু মাস্ক পিন্ধি অধিবক্তাসকলৰ সৈতে প্ৰথমে আদালতত উপস্থিত হৈছিল চাহাল। আৰু ইয়াৰ কিছু সময়ৰ পাছত ধনশ্ৰী বগা টি-চাৰ্ট পিন্ধি আদালতত উপস্থিত হয়। তেওঁ মুখত পৰিধান কৰিছিল মাস্ক।
এই সময়ছোৱাত দুয়োৰে প্ৰতিক্ৰিয়া ল’বলৈ আদালত চৌহদত সংবাদ কৰ্মীসকলে ভিৰ কৰিছিল যদিও দুয়োজনে প্ৰতিক্ৰিয়া দিয়াৰ পৰা আঁতৰি থাকে।
৪ বছৰ পূৰ্বে আবদ্ধ হৈছিল বিয়াত
উল্লেখ্য যে, ২০২০ চনৰ ২৪ ডিচেম্বৰত চাহল আৰু ধনশ্ৰীৰ বিবাহ হয়। কিন্তু তিনি-চাৰি মাহ পূৰ্বে ইনষ্টাগ্ৰামত ইজনে সিজনক আনফ’ল’ কৰাৰ পিছত তেওঁলোকৰ সম্পৰ্কত বিভাজনৰ খবৰ প্ৰকাশ পাইছিল।
বিভিন্ন উৰা বাতৰিৰ পিছত দুয়োজনে এই সন্দৰ্ভত বান্দ্ৰা পৰিয়াল আদালতত আবেদন কৰিছিল। ইয়াৰ পিছত তেওঁলোকে বম্বে উচ্চ ন্যায়ালয়ত আবেদন জনায় আৰু আদালতে ১৯ মাৰ্চ বুধবাৰে ৰায়দান কৰাৰ সময়তে ২০ মাৰ্চত পৰিয়াল আদালতক বিষয়টো নিষ্পত্তি কৰিবলৈ নিৰ্দেশ দিয়ে।
যোৱা ডেৰ-দুবছৰ ধৰি ইজনে সিজনৰ পৰা পৃথকে বাস কৰা বুলি উল্লেখ কৰাৰ বাবে উচ্চ ন্যায়ালয়ে দুয়োকে কুলিং অফৰ পৰাও ৰেহাই প্ৰদান কৰে। এই বিবাহ বিচ্ছেদৰ বিনিময়ত চাহালে ধনশ্ৰীক ৪.৭৫ কোটি টকা দিয়াৰো চুক্তি হৈছিল, ইয়াৰে ৫০ শতাংশ ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে দিছে আৰু বাকীখিনি পৰৱৰ্তী পৰ্যায়ত দিয়া হ’ব।