জুবিন গাৰ্গ আৰু নাই। কান্দোনত ভাগি পৰিছে গুণমুগ্ধ। জুবিন গাৰ্গৰ বিয়োগ সন্দৰ্ভত অংগৰাগ পাপন মহন্তৰ প্ৰাৰ্থনা– ‘এইয়া অতি আচৰিত! এটা প্ৰজন্মৰ কণ্ঠ! শব্দ হেৰুৱালো। শব্দ হেৰুৱাইছো ! এজন বন্ধু হেৰুৱালো।এজন ভাইক হেৰুৱালো। এটা ডাঙৰ শূন্যতা। তেওঁৰ আত্মাৰ শান্তিপূৰ্ণ যাত্ৰাৰ বাবে প্ৰাৰ্থনা।’
সৰ্বানন্দ সোনোৱাল– ‘অসমীয়া সংগীত জগতত পাখি মেলি স্নিগ্ধ জোনাক নমাই অনা এটা বৰ্ণিল যুগৰ অৱসান! আমাৰ হিয়াৰ আমঠু, অতি মৰমৰ শিল্পী জুবিন গাৰ্গৰ দেহাৱসানৰ খবৰটো পাই শোকস্তব্ধ হৈ পৰিছোঁ! ছিংগাপুৰত ভাৰতৰ উচ্চায়ুক্ত ড° শিল্পক আম্বুলেৰ সৈতে কথা পাতি আমি কেতিয়াও শুনিব নিবিচৰা সেই দুখজনক খবৰটো পাই অত্যন্ত মৰ্মাহত হৈ পৰিছোঁ। জুবিন গাৰ্গ আৰু নাই! অসমৰ লাখ লাখ জনতাৰ সৈতে এই দুখৰ সমভাগী হৈছোঁ। এয়া অসমৰ সংগীত জগতৰ বাবে এক অপূৰণীয় ক্ষতি। আমি বাকৰুদ্ধ, আমি ভাষাহীন।’













