অৱশেষত সম্প্ৰসাৰণ হ’ল মুখ্যমন্ত্ৰী নীতিশ কুমাৰ নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰীসভাৰ। এই সম্প্ৰসাৰণৰ লগে লগে বিহাৰ চৰকাৰত এতিয়া মন্ত্ৰীৰ সংখ্যা ৩৭ গৰাকীলৈ বৃদ্ধি পালে।
ৰাজ্যখনৰ ৰাজ্যপাল আৰিফ মহম্মদে আজি ৰাজভৱনত বিজেপিৰ ৭ গৰাকী বিধায়কক শপত বাক্য পাঠ কৰোৱায়। মন্ত্ৰীসভাত স্থান লাভ কৰা এই ৭ গৰাকী বিধায়কক মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু ৰাজ্যপালে অভিনন্দন জ্ঞাপন কৰে।
নীতিশ মন্ত্ৰীসভাত নতুনকৈ স্থান লাভ কৰা বিধায়ক কেইজন হৈছে ছিকটী সমষ্টিৰ বিজেপি বিধায়ক বিজয় কুমাৰ মণ্ডল, আমনৌৰ সমষ্টিৰ বিজেপি বিধায়ক কৃষ্ণ কুমাৰ মণ্টু, ৰিগা সমষ্টিৰ বিজেপি বিধায়ক মতি লাল প্ৰসাদ, চাহেবগঞ্জৰ বিজেপি বিধায়ক ৰাজু কুমাৰ সিং, জালে সমষ্টিৰ বিজেপি বিধায়ক জীৱেশ কুমাৰ, বিহাৰশ্বৰীফৰ বিজেপি বিধায়ক ড০ সুনীল কুমাৰ আৰু দৰভাংগাৰ বিজেপি বিধায়ক সঞ্জয় চাৰৌগি।
ইফালে, মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পূৰ্বে বুধবাৰে পুৱা নীতিশ কুমাৰ কেবিনেটৰ পৰা পদত্যাগ কৰে বিহাৰ বিজেপিৰ সভাপতি দিলীপ জয়ছোৱালে। ‘এক পদ, এক ব্যক্তি’ দলৰ এই নীতিৰ বাবেই তেওঁ মন্ত্ৰী পদ ত্যাগ কৰা বুলি জানিবলৈ দিয়ে।
এবছৰতকৈও অধিক কাল ৰাজহ আৰু ভূমি সংস্কাৰৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত থকা দিলীপ জয়ছোৱালক বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই বিহাৰ বিজেপিৰ অধ্যক্ষৰূপে দায়িত্ব অৰ্পণ কৰাৰ বাবেই তেওঁ মন্ত্ৰী পদ ত্যাগ কৰে।