মিজোৰামত দ্ৰুতগতিত বৃদ্ধি পাইছে হিউমেন ইমিউন’ডেফিচিয়েন্সি ভাইৰাছ অৰ্থাৎ HIV। উত্তৰ-পূব ৰাজ্যখনত HIV ৰ প্ৰাদুৰ্ভাৱৰ হাৰ ২.৭৩ শতাংশ, যি ৰাষ্ট্ৰীয় গড় ০.২তকৈ বহু বেছি।
মিজোৰাম ষ্টেট এইডছ কণ্ট্ৰল ছ’চাইটি (এমএছএচিএছ)ৰ প্ৰকল্প সঞ্চালক ডাঃ জেন আৰ ৰালটে কয় যে, ২০২৫ চনৰ জানুৱাৰী মাহলৈকে মিজোৰামত ৩২,২৮৭ জন HIV পজিটিভ ধৰা পৰিছে, ইয়াৰে ৫,৫১১ জন লোকে প্ৰাণ হেৰুৱাইছে। কেৱল ২০২৪ চনৰ এপ্ৰিলৰ পৰা ২০২৫ চনৰ জানুৱাৰী মাহৰ ভিতৰত ১,৭৬৯ জন নতুনকৈ এই ৰোগত আক্ৰান্ত ধৰা পৰিছে।
মিজোৰাম চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, মুঠ ৰোগীৰ ৬৭% অসুৰক্ষিত যৌন কাৰ্য্যৰ বাবে HIV সংক্ৰমিত হোৱাৰ বিপৰীতে ৩০.৪৪% ৰোগীয়ে সংক্ৰমিত বেজী ব্যৱহাৰৰ বাবে HIV ত সংক্ৰমিত হৈছে। মিজোৰামত HIV আক্ৰান্তক নিয়ন্ত্ৰণৰ বাবে মানুহক সজাগ কৰা হৈছে। ইতিমধ্যে এই ৰোগৰ সংক্ৰমণ আৰু প্ৰতিৰোধ সম্পৰ্কে সকলোকে তথ্য দিয়া হৈছে। HIV আক্ৰান্ত ৰোগীক এ আৰ টি ঔষধৰ বিষয়ে অৱগত কৰা হৈছে। এই ঔষধে HIV নিয়ন্ত্ৰণত ৰাখে আৰু ইয়াক HIV লৈ পৰিণত হ’বলৈ নিদিয়ে।
এই সমস্যা সন্দৰ্ভত মেডিচিনৰ বিশেষজ্ঞ ডাঃ যুগল কিশোৰে কয় যে HIV ৰ মূল কাৰণ হ’ল- অসুৰক্ষিত যৌন সম্পৰ্ক। কিন্তু বিগত কেইবছৰমানৰ পৰা ড্ৰাগছ আসক্তিও এই ৰোগ বৃদ্ধিৰ এটা প্ৰধান কাৰণ। বহুতে একেটা বেজী ব্যৱহাৰ কৰি ড্ৰাগছ সেৱন কৰে আৰু সেয়েহে HIV ৰ বলি হৈছে।