বিতৰ্কিত মন্তব্যক লৈ সংবাদ মাধ্যমৰ শিৰোণাম দখল কৰি থকা পশ্চিম বংগৰ বিৰোধী নেতা শুভেন্দু অধিকাৰীয়ে পুনৰ এবাৰ কৰিছে আপত্তিজনক মন্তব্য। শেহতীয়াকৈ বিজেপি নেতাগৰাকীয়ে পুনৰ এবাৰ মুছলমান সন্দৰ্ভত কৰিছে অপমানসূচক মন্তব্য।
অধিকাৰীৰ মন্তব্যৰ পিছতে উত্তাল হৈ পৰিছে পশ্চিম বংগৰ ৰাজনীতি। তেওঁ কয় যে বিজেপিয়ে পৰৱৰ্তী চৰকাৰ গঠন কৰাৰ পিছত বিধানসভাৰ পৰা মুছলমান বিধায়কক ‘শাৰীৰিকভাৱে বাহিৰ কৰি দিব’। শুভেন্দু অধিকাৰীৰ এই বক্তব্যক লৈ তৃণমূল কংগ্ৰেছে তীব্ৰ আপত্তি দৰ্শাইছে।
উল্লেখ্য যে, বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি শুভেন্দুক ১৭ ফেব্ৰুৱাৰীত বিধানসভাৰ পৰা নিলম্বন কৰা হৈছিল। কেৱল এয়াই নহয় তেওঁ সমগ্ৰ বাজেট অধিৱেশনৰ বাবে নিলম্বিত হৈ থাকিব।
মমতা চৰকাৰক আক্ৰমণ কৰি তেওঁ কয় যে এই চৰকাৰখনে সাম্প্ৰদায়িক প্ৰশাসন চলাই আছে আৰু ইয়াক মুছলিম লীগৰ আন এটা ৰূপ বুলিও অভিহিত কৰে। তেওঁ কয় যে এইবাৰ বংগৰ ৰাইজে এই চৰকাৰক উৎখাত কৰিব।
মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ দল তৃণমূল কংগ্ৰেছে তেওঁৰ বক্তব্যক তীব্ৰ আপত্তি জনাই ইয়াক ‘ঘৃণামূলক ভাষণ’ বুলি অভিহিত কৰে। ইয়াৰ উপৰি তেওঁলোকে অধিকাৰীৰ মানসিক অৱস্থাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে।