৫ এপ্ৰিলত শ্ৰীলংকা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। শুকুৰবাৰে ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়কে এই তথ্য প্ৰদান কৰে। তথ্য অনুসৰি, সংসদত দিয়া ভাষণত দিছনায়েকে প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ তাৰিখ ঘোষণা কৰে। বিদেশ মন্ত্ৰী বিজিতা হেৰাথে বিগত সপ্তাহত ঘোষণা কৰিছিল যে, ৰাষ্ট্ৰপতি দিছানায়েকেৰ দিল্লী ভ্ৰমণৰ সময়ত হোৱা চুক্তিসমূহ চূড়ান্ত কৰিবলৈ ২০২৪ চনত কলম্বো ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক মন্তব্য কৰে যে, তেওঁৰ ব্যৱসায়িক স্বাৰ্থৰ বাবে যুদ্ধ পৰিকল্পনা তেওঁৰ উপদেষ্টা ইলন মাস্কৰ সৈতে ভাগ কৰিব নালাগে। ট্ৰাম্পৰ এই বক্তব্যক প্ৰশাসনত কোটিপতি উদ্যোগীজনৰ ব্যাপক ভূমিকা সীমিত কৰাৰ সংকেত হিচাপে দেখা গৈছে। অ’ভেল অফিচ (ৰাষ্ট্ৰপতিৰ কাৰ্যালয়)ত এখন নতুন যুদ্ধ বিমান নিৰ্মাণৰ সন্দৰ্ভত অনুষ্ঠিত এক বৈঠকৰ সময়ত ট্ৰাম্পে এই মন্তব্য কৰে। চীনৰ সৈতে আমেৰিকাই কেনেদৰে কাল্পনিক যুদ্ধ কৰিব সেই বিষয়ে মাস্কক অৱগত কৰা হ’ব বুলি প্ৰকাশ পোৱা বাতৰিক তেওঁ নাকচ কৰে।
বাংলাদেশ জাতীয়তাবাদী পাৰ্টিয়ে শুকুৰবাৰে কয় যে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ দল (আৱামী লীগ) ৰাজনীতিত উভতি অহাত তেওঁলোকৰ কোনো আপত্তি নাই, যদিহে দলটো নিকা নেতৃত্বৰ অধীনলৈ আহে। এই বক্তব্য এনে এটা সময়ত প্ৰকাশ কৰিছে, যেতিয়া এদিন পূৰ্বে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে স্পষ্ট কৰি দিছিল যে আৱামী লীগ নিষিদ্ধ কৰাৰ কোনো পৰিকল্পনা নাই। ৰাজধানী ঢাকাৰ এখন দলীয় অনুষ্ঠানত বিএনপিৰ মুখপাত্ৰ তথা জ্যেষ্ঠ যুটীয়া সম্পাদক ৰুহুল কবীৰ ৰিজৱীয়ে কয় যে, যদি আৱামী লীগৰ নেতৃত্ব দিব পৰা ব্যক্তিজন কোনো অপৰাধত দোষী নহয়, ছাত্ৰ-ছাত্ৰীক হত্যা কৰা নাই, বা বিদেশত ধন আত্মসাৎ বা লুণ্ঠন কৰা নাই, তেন্তে উক্ত দলটোৱে ৰাজনীতি কিয় কৰিব নোৱাৰে।