লোকসভা নিৰ্বাচনত জয় লাভ কৰা এজন বিজেপি সাংসদে আয়োজন কৰা পাৰ্টীৰ এটা ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। জয়ৰ আনন্দত আয়োজন কৰা পাৰ্টীটোত সাংসদগৰাকীৰ সমৰ্থক তথা বিজেপি নেতা-কৰ্মীৰ মাজত মুকলিকৈ বিতৰণ কৰা হৈছে সুৰা।
এখন ট্ৰাকত লৈ অহা সুৰাসমূহ সংগ্ৰহ কৰিবলৈ সমৰ্থকৰ দীঘলীয়া শাৰি দেখিবলৈ পোৱা গৈছে। আৰক্ষীৰ সন্মুখতে এইদৰে মুকলিকৈ সুৰা বিতৰণ কৰা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
উল্লেখ্য যে, সদ্য ঘোষিত লোকসভা নিৰ্বাচনত কৰ্ণাটকৰ চিক্কাবল্লাপুৰ সমষ্টিৰ পৰা জয়ী হোৱা বিজেপি সাংসদ কে সুধাকৰে এই পাৰ্টীৰ আয়োজন কৰিছিল।
সাংসদ সুধাকৰে আৰক্ষী বিভাগক পত্ৰৰ জৰিয়তে পাৰ্টীৰ সময়ত নিৰাপত্তা নিয়োগ কৰাৰ অনুৰোধ জনোৱাৰ লগতে পাৰ্টীত সুৰা পৰিবেশন কৰা হ’ব বুলি স্পষ্টকৈ উল্লেখ কৰিছিল।
আৰক্ষী বিভাগলৈ বিজেপি নেতাগৰাকীৰ আনুষ্ঠানিক পত্ৰত উল্লেখ কৰা হৈছে, “দুপৰীয়া ১২.৩০ বজাৰ পৰা ষ্টেজ অনুষ্ঠান আৰম্ভ হ’ব, খাদ্য আৰু মদৰ ব্যৱস্থা কৰা হ’ব।”
অৱশ্যে বেংগালুৰুৰ গ্ৰাম্য আৰক্ষী অধীক্ষক চি কে বাবাই কয় যে, আয়োজকসকলক সুৰা বিতৰণ নকৰিবলৈ কোৱা হৈছিল লগতে যদিহে এই নিয়ম উলংঘা কৰে তেন্তে আয়োজকৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।