আফগানিস্তান আৰু পাকিস্তানৰ মাজত পুনৰবাৰ উত্তেজনা বৃদ্ধি পাইছে। আফগান বিষয়াসকলে প্ৰকাশ কৰা অনুসৰি পাকিস্তানৰ পৰা নিক্ষেপ কৰা মৰ্টাৰ আৰু মিছাইল ২৭ এপ্ৰিলত উত্তৰ-পূব আফগানিস্তানৰ কুনাৰ প্ৰদেশত অৱতৰণ কৰে। এই আক্ৰমণৰ লক্ষ্য আছিল এখন বিশ্ববিদ্যালয় আৰু অসামৰিক ঘৰ। ৭ জন লোক নিহত হোৱাৰ বিপৰীতে কমেও ৮৫ জন আহত হয়। আহতসকলৰ ভিতৰত মহিলা, শিশু, ছাত্ৰ-ছাত্ৰীও আছে।
চীনৰ দালালিত শান্তি আলোচনাৰ পিছত এই আক্ৰমণ প্ৰথমটো বৃহৎ হিংসাত্মক ঘটনা। চলিত মাহৰ আৰম্ভণিতে চীনৰ উৰুমকীত দুয়োখন দেশৰ প্ৰতিনিধিয়ে বৈঠকত মিলিত হৈছিল আৰু দুয়োপক্ষই উত্তেজনা হ্ৰাস কৰি শান্তিপূৰ্ণ সমাধান বিচাৰিবলৈ সন্মত হৈছিল। শেহতীয়াকৈ আফগান বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তকীয়ে এই আলোচনাক ইতিবাচক বুলি অভিহিত কৰিছিল যদিও শেহতীয়া আক্ৰমণে শান্তিৰ প্ৰচেষ্টাক ক্ষতিগ্ৰস্ত কৰিছে।
আফগান মুখপাত্ৰ হামদুল্লা ফিট্ৰাটে এই আক্ৰমণক যুদ্ধাপৰাধ আৰু বৰ্বৰতা বুলি অভিহিত কৰিছে। আফগান উচ্চ শিক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি, চৈয়দ জামালুদ্দিন আফগানি বিশ্ববিদ্যালয়ত আক্ৰমণত প্ৰায় ৩০ জন ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপক আহত হয়। এই আক্ৰমণৰ ফলত বিশ্ববিদ্যালয়ৰ ভৱনসমূহৰো যথেষ্ট ক্ষতিসাধন হয়।
আনহাতে পাকিস্তানে এই অভিযোগ সম্পূৰ্ণৰূপে নাকচ কৰিছে। পাকিস্তানৰ তথ্য মন্ত্ৰালয়ে বিশ্ববিদ্যালয়খনত আক্ৰমণৰ খবৰক মিছা বুলি অভিহিত কৰিছে। পাকিস্তানে কয় যে, তেওঁলোকৰ আক্ৰমণ সঠিক আৰু চোৰাংচোৱা তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হয়। পাকিস্তানে প্ৰায়ে আফগানিস্তানে পাকিস্তানত আক্ৰমণ চলোৱা টিটিপিৰ দৰে সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াৰ অভিযোগ উত্থাপন কৰে। আফগানিস্তানে এই অভিযোগসমূহ ধাৰাবাহিকভাৱে অস্বীকাৰ কৰি আহিছে।
ফেব্ৰুৱাৰী মাহৰ পৰা দুয়োখন দেশৰ মাজত তীব্ৰ যুদ্ধ চলি আছে। মাৰ্চ মাহত ঈদৰ বাবে অস্থায়ী যুদ্ধবিৰতি দিয়া হৈছিল যদিও তাৰ পূৰ্বে আফগানিস্তানে ১৭ মাৰ্চত কাবুলৰ এটা ড্ৰাগছ পুনৰ্বাসন কেন্দ্ৰত আক্ৰমণ চলাই ৪০০ জন সাধাৰণ নাগৰিকৰ মৃত্যুৰ দাবী কৰিছিল। ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি, এই সংঘাতৰ বাবে ৯৪ হাজাৰ লোক স্থানচ্যুত হৈছে। চীনৰ উপৰিও তুৰস্ক, কাটাৰ, ইউ এ ই, চৌদি আৰবেও দুয়োখন দেশৰ মাজত শান্তিৰ দালালি কৰাৰ প্ৰচেষ্টাত লিপ্ত হৈছে।
পাকিস্তানৰ বেলুচ লিবাৰেশ্যন আৰ্মীয়ে ১৫ এপ্ৰিলৰ পৰা ২৫ এপ্ৰিলৰ ভিতৰত বেলুচিস্তানৰ বিভিন্ন জিলাত ব্যাপক বিদ্ৰোহ অভিযান চলাইছিল।আক্ৰমণৰ সময়ত ২৭ জন পাকিস্তানী জোৱান নিহত হৈছিল। কেইবাজনো জোৱান আহত হোৱাৰ লগতে এজন জোৱানক বন্দী কৰি লোৱা হয়। সংঘাতত পাকিস্তানী সেনাৰ অসংখ্য অস্ত্ৰ-শস্ত্ৰও জব্দ কৰা হয়।











