আই পি এল ২০২৫ৰ পিছত অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব টীম ইণ্ডিয়াই।ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব এদিনীয়া আৰু টি-২০ শৃংখলা।
এক প্ৰতিবেদন অনুসৰি, ১৯ অক্টোবৰত পাৰ্থ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এদিনীয়া শৃংখলাৰ প্ৰথমখন খেল। ২৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব টি-২০ শৃংখলা।
বিশেষ কথাটো হ’ল পুৰুষ দলৰ লগতে মহিলা দলটোও অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যাব। ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত এদিনীয়া টি-২০ খেলিব।
টীম ইণ্ডিয়াৰ বেছিভাগ খেলুৱৈয়ে বৰ্তমান আই পি এল খেলত ব্যস্ত। ২২ মাৰ্চৰ পৰা আৰম্ভ হোৱা আৰু ২৫ মে’ত অনুষ্ঠিত হ’ব চূড়ান্ত খেল। আই পি এলৰ পিছত চলিত বৰ্ষৰ অক্টোবৰ মাহত অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব টীম ইণ্ডিয়াই।
ভাৰতৰ পুৰুষ আৰু মহিলা দলে এদিনীয়া আৰু টি-২০ শৃংখলা খেলিব। খবৰ অনুসৰি, ১৯ অক্টোবৰৰ পৰা পুৰুষ দলৰ এদিনীয়া শৃংখলা আৰম্ভ হ’ব। ২৩ অক্টোবৰত দ্বিতীয়খন এদিনীয়া আৰু ২৫ অক্টোবৰত তৃতীয়খন এদিনীয়া খেল অনুষ্ঠিত হ’ব। এদিনীয়া শৃংখলাৰ মেচসমূহ পাৰ্থ, এডিলেইড আৰু ছিডনীত অনুষ্ঠিত হ’ব।
আকৌ অহা বছৰৰ ফেব্ৰুৱাৰী মাহত অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব ভাৰতীয় মহিলা দলেও। ১৫ ফেব্ৰুৱাৰী, ১৯ ফেব্ৰুৱাৰী আৰু ২১ ফেব্ৰুৱাৰীত ভাৰত আৰু অষ্ট্ৰেলিয়া মহিলা দলৰ মাজত টি-২০ মেচ অনুষ্ঠিত হ’ব।
ইয়াৰ পিছত আৰম্ভ হ’ব এদিনীয়া শৃংখলা। ইয়াৰ পিছত টেষ্ট মেচ এখনো খেলিব।
ভাৰতৰ অষ্ট্ৰেলিয়া ভ্ৰমণ ২০২৫-২৬-
এদিনীয়া শৃংখলাৰ সূচী –
১ম এদিনীয়া- পাৰ্থ, ১৯ অক্টোবৰ
২য় এদিনীয়া- এডিলেইড, ২৩ অক্টোবৰ
৩য় এদিনীয়া- ছিডনী, ২৫ অক্টোবৰ
টি ২০ ছিৰিজৰ সূচী –
১ম টি ২০- কেনবেৰা, ২৯ অক্টোবৰ
২য় টি ২০- মেলবৰ্ণ, ৩১ অক্টোবৰ
৩য় টি ২০- হোবাৰ্ট, ২ নৱেম্বৰ
৪ৰ্থ টি ২০- গোল্ড কোষ্ট, ৬ নৱেম্বৰ
৫ম টি ২০- ব্রিজবেন, ৮ নৱেম্বৰ
মহিলাৰ টি-২০ ছিৰিজৰ সূচী –
১ম টি২০- ছিডনী, ১৫ ফেব্ৰুৱাৰী
২য় টি২০- কেনবেৰা, ১৯ ফেব্ৰুৱাৰী
৩য় টি২০- এডিলেইড, ২১ ফেব্ৰুৱাৰী
মহিলাৰ এদিনীয়া শৃংখলাৰ সূচী –
১ম এদিনীয়া- ব্রিজবেন, ২ ফেব্ৰুৱাৰী
২য় এদিনীয়া-হোবাৰ্ট, ২৭ ফেব্ৰুৱাৰী
৩য় এদিনীয়া-মেলবৰ্ণ, ১ মাৰ্চ