• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 2, 2026
22 °c
Guwahati
24 ° Sun
23 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কাইলৈ হঠাতে দেশত বাজি উঠিব ছাইৰেন, কিন্তু কিয়?

Nation NE by Nation NE
May 6, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
কাইলৈ হঠাতে দেশত বাজি উঠিব ছাইৰেন, কিন্তু কিয়?
Share on FacebookShare on TwitterWhatsApp

ভাৰত-পাকিস্তানৰ মাজত চলি থকা সংঘাটৰ মাজতে ভাৰত চৰকাৰে সমগ্ৰ দেশৰ ২৪৪ খন চিনাক্তকৃত নাগৰিক প্ৰতিৰক্ষা জিলাত ৭ মে’ত এক বৃহৎ মক ড্ৰিলৰ আয়োজন কৰিবলৈ ওলাইছে। ইয়াৰ উদ্দেশ্য হৈছে যুদ্ধসদৃশ পৰিস্থিতি, যেনে ক্ষেপণাস্ত্ৰ আক্ৰমণ বা বিমান আক্ৰমণৰ সময়ত সাধাৰণ জনতাই কিমান ক্ষীপ্ৰ আৰু ফলপ্ৰসূভাৱে সঁহাৰি জনাব পাৰে সেইটো পৰীক্ষা কৰা।

মক ড্ৰিলত বাস্তৱ জীৱনৰ পৰিস্থিতিৰ অনুকৰণ কৰা হ’ব, য’ত বিমান আক্ৰমণৰ ছাইৰেন বাজিব, চহৰত বিদ্যুৎ বিচ্ছিন্ন হ’ব আৰু জৰুৰীকালীন সেৱাই দ্ৰুতভাৱে সঁহাৰি জনাব।লগতে উচ্চ বিপদজনক অঞ্চলৰ পৰা নিৰাপদ অঞ্চললৈ খালী কৰাৰ অনুশীলন চলোৱা হ’ব যাতে বাস্তৱ পৰিস্থিতিত উদ্ভৱ হ’ব পৰা বাধাসমূহ চিনাক্ত কৰিব পৰা যায়।

এই অনুশীলনৰ উদ্দেশ্য হৈছে আতংক পৰিহাৰ কৰা, বিশৃংখলতা হ্ৰাস কৰা আৰু জীৱন ৰক্ষা কৰা।

যদিও এনে প্ৰস্তুতিয়ে শীতল যুদ্ধৰ যুগৰ কথা মনত পেলাই দিয়ে, তথাপিও বৰ্তমান বিশ্বব্যাপী উত্তেজনাই পুনৰবাৰ ইয়াক গুৰুত্বপূৰ্ণ কৰি তুলিছে। ৭ মে’ত অনুষ্ঠিত হ’বলগীয়া এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ আখৰাৰ বাবে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ২ মে’ত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ নিৰ্দেশনা জাৰি কৰিছিল।

স্থানীয় প্ৰশাসন, অসামৰিক প্ৰতিৰক্ষা ৱাৰ্ডেন, হোমগাৰ্ড, নেচনেল কেডেট কৰ্পছ (এনচিচি), নেচনেল চাৰ্ভিচ স্কিম (এনএছএছ), নেহৰু যুৱ কেন্দ্ৰ সংগঠন (এনৱাইকেএছ) আৰু স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে এই মক ড্ৰিলত অংশগ্ৰহণ কৰিব।

এনে প্ৰস্তুতিয়ে ইংগিত দিয়ে যে ৰাষ্ট্ৰীয় নিৰাপত্তা কেৱল সামৰিক বাহিনীৰ দায়িত্ব নহয়। সাধাৰণ নাগৰিকে যেতিয়া কি কৰিব লাগে, কেনেকৈ সংযম বজাই ৰাখিব লাগে সেই কথা জানে তেতিয়াহে সমগ্ৰ জাতিটোৰ শক্তি বাঢ়ি যায়। এয়া কেৱল আক্ৰমণৰ পিছৰ প্ৰতিক্ৰিয়া নহয়, আক্ৰমণৰ পূৰ্বে হোৱা সজাগতাৰ অংশ।

ড্ৰিলৰ মূল কাৰ্য্যকলাপ

স্পৰ্শকাতৰ অঞ্চল আৰু প্ৰতিষ্ঠানত ছাইৰেন পৰীক্ষা কৰা হ’ব যাতে কোনো আক্ৰমণৰ ক্ষেত্ৰত সাধাৰণ জনতাক সতৰ্ক কৰি দিব পৰা যায়। বিদ্যালয়, কাৰ্যালয় আৰু কমিউনিটি চেণ্টাৰত কৰ্মশালা অনুষ্ঠিত কৰি মানুহক ড্ৰপ-এণ্ড-কভাৰ, ওচৰৰ আশ্ৰয় শিবিৰৰ স্থান নিৰ্ণয়, প্ৰাথমিক চিকিৎসা আৰু মানসিক ব্যৱস্থাপনাৰ বিষয়ে শিকোৱা হ’ব।

ইয়াৰ বাহিৰেও হঠাতে বিদ্যুৎ বন্ধ কৰি দিয়া হ’ব যাতে ৰাতি বিমান আক্ৰমণ হ’লে চহৰখন শত্ৰুৰ চকুৰ পৰা লুকুৱাই ৰাখিব পৰা যায়। এই কৌশলটো শেষবাৰৰ বাবে ১৯৭১ চনৰ বাংলাদেশ মুক্তি যুদ্ধৰ সময়ত ব্যৱহাৰ কৰা হৈছিল।

এই অনুশীলন কোনো নিৰ্দিষ্ট ঘটনাৰ সৈতে জড়িত নহয় যদিও ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত চৰকাৰৰ নিৰাপত্তা প্ৰস্তুতিৰ অংশ।এই আক্ৰমণত ২৬ জন ভাৰতীয় পৰ্যটকে নিজৰ প্ৰাণ হেৰুৱায়, আৰু ইয়াৰ আঁৰত পাকিস্তানস্থিত সন্ত্ৰাসবাদী সংগঠন আছে বুলি কোৱা হৈছে।

ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাখনো উচ্চ পৰ্যায়ৰ নিৰাপত্তা বৈঠক অনুষ্ঠিত কৰি কয় যে ভাৰতে ষড়যন্ত্ৰকাৰীসকলক তেওঁলোকে কেতিয়াও কল্পনাও নকৰা শাস্তি দিব। ইয়াৰ পূৰ্বেও ২০২২ চনৰ অক্টোবৰ মাহত অনুষ্ঠিত হোৱা ‘চিন্তন শিবীৰ’ত প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে নাগৰিক প্ৰতিৰক্ষা শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

Tags: IndiakashmirmockdrillPakistan

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 2, 2026
যিমানেই শক্তি নাথাকক, ভয় নাখায় ইৰাণে; আলোচনা সফল নোহোৱাৰ পিছতেই কিয় এনেদৰে ক’লে ইৰাণৰ কৰ্তৃপক্ষই?
Top News

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

May 1, 2026
মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…
Top News

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

May 1, 2026
বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন
Top News

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

May 1, 2026
খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত
Top News

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

May 1, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025