পাকিস্তান ছুপাৰ লীগত ইংলেণ্ডৰ ক্ৰিকেটাৰ জেমছ ভিন্সে গঢ়িলে এক বিশেষ কৃতিত্ব। পি এছ এলৰ ২৭ সংখ্যক মেচত ভিন্সে পেছাৱৰ জালমীৰ বিৰুদ্ধে খেলে ৭২ ৰানৰ বিস্ফোৰক অৰ্ধশতকীয় ইনিংছ। এই ইনিংছটোৰ জৰিয়তে ভিন্সে টি-২০ ক্ৰিকেটত গঢ়িবলৈ সক্ষম হয় এক বিশেষ অভিলেখ।
টি-২০ ক্ৰিকেটত ১২ হাজাৰ ৰান সম্পূৰ্ণ কৰা বিশ্বৰ নৱমগৰাকী ক্ৰিকেটাৰত পৰিণত হৈছে ভিন্স। ইয়াৰ উপৰি সৰ্বাধিক দ্ৰুত গতিত ১২ হাজাৰ ৰান সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত তেওঁ অতিক্ৰম কৰে ভাৰতীয় তাৰকা ৰোহিত শৰ্মাক।
ভিন্সে ৪১৬টা ইনিংছত ১২ হাজাৰ ৰান সম্পূৰ্ণ কৰাৰ বিপৰীতে ৰোহিত শৰ্মাই এই মাইলষ্ট’নত উপনীত হ’বলৈ প্ৰয়োজন হৈছিল ৪৪৬টা ইনিংছৰ।
ইফালে টি-২০ সৰ্বাধিক দ্ৰুত গতিত ১২ হাজাৰ ৰান সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত ভিন্স বিশ্বৰ পঞ্চমগৰাকী আৰু ইংলেণ্ডৰ দ্বিতীয়গৰাকী ক্ৰিকেটাৰত পৰিণত হয়।
টি-২০ত সৰ্বাধিক দ্ৰুত গতিত ১২ হাজাৰ ৰান সম্পূৰ্ণ কৰাৰ অভিলেখ আছে ক্ৰিছ গেইলৰ নামত। গেইলে মাত্ৰ ৩৪৩টা ইনিংছতেই সম্পূৰ্ণ কৰিছিল ১২ হাজাৰ ৰান। আনহাতে ইংলেণ্ডৰ হৈ সৰ্বাধিক দ্ৰুত গতিত ১২ হাজাৰ ৰান সম্পূৰ্ণ কৰাৰ অভিলেখ আছে জছ বাটলাৰৰ নামত। বাটলাৰে ৪০৫টা ইনিংছত সম্পূৰ্ণ কৰিছিল ১২ হাজাৰ ৰান।
টি-২০ ক্ৰিকেটত সৰ্বাধিক দ্ৰুত ১২০০০ ৰান সম্পূৰ্ণ কৰা ক্ৰিকেটাৰ
ক্ৰিছ গেইল – ৩৪৩ ইনিংছ
বিৰাট কোহলী – ৩৬০ ইনিংছ
ডেভিড ৱাৰ্নাৰ – ৩৬৮ ইনিংছ
জছ বাটলাৰ – ৪০৫ ইনিংছ
জেমছ ভিন্স (৪১৬ ইনিংছ)
টি-২০ত সৰ্বাধিক ৰান
১৪,৫৬২ – ক্ৰিছ গেইল (৪৫৫ ইনিংছ)
১৩,৬১০ – এলেক্স হেলছ (৪৯০ ইনিংছ)
১৩,৫৭১ – শ্বোয়াইব মালিক (৫১৫ ইনিংছ)
১৩,৫৩৭ – কায়ৰন পোলাৰ্ড (৬১৭ ইনিংছ)
১৩,৩৯১ – বিৰাট কোহলি (৩৯৩ ইনিংছ)