লোকসভা নিৰ্বাচনৰ পিছত নৰেন্দ্ৰ মোদী-অমিত শ্বাহৰ নয়নৰ মণি হোৱা নীতিশ কুমাৰে শেহতীয়াকৈ মুখ থেকেচা খালে কেন্দ্ৰৰ ওচৰত। কিয়নো বিহাৰক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী তুলিছিল নীতিশ কুমাৰে। অৱশ্যে, নীতিশ কুমাৰৰ দাবী প্ৰত্যাহাৰ কৰিলে কেন্দ্ৰীয় চৰকাৰে।
লোকসভাৰ বাজেট অধিৱেশনৰ পূৰ্বে বিত্ত ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ হৈ এক বিবৃতি প্ৰকাশ কৰিছে। পংকজ চৌধুৰীয়ে লোকসভাত কেন্দ্ৰীয় চৰকাৰৰ হৈ উত্তৰ দি কয় যে, বিহাৰক বিশেষ মৰ্যাদা দিয়াটো সম্ভৱ নহয়।
লগতে মন্ত্ৰীজনে কৈছিল যে, বিশেষ শ্ৰেণীৰ মৰ্যাদাৰ বাবে পূৰণ কৰিব লগা ব্যৱস্থা বিলাক বিহাৰত বৰ্তমান নাই। বিগত কেইবছৰৰ পৰা বিহাৰক বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়াৰ বাবে দাবী উত্থাপন হৈ আহিছে।
শেহতীয়াকৈ দেওবাৰে দিল্লীত সৰ্বদলীয় বৈঠকত জেডিইউৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় ঝাই বিহাৰলৈ বিশেষ ৰাজ্যিক মৰ্যাদা বা বিশেষ পেকেজৰ দাবী উত্থাপন কৰে। সেই দাবীৰ ওপৰত ভিত্তি কৰি বিত্ত ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীয়ে কয়, বহুবাৰ নীতিশ কুমাৰে বিহাৰৰ বাবে বিশেষ ৰাজ্যৰ মৰ্যাদা দাবী কৰি আহিছে। অৱশ্যে, বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰাটো বৰ্তমান সম্ভৱ নহয়।
ইফালে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৪-২৫ বৰ্ষৰ বাজেট দাখিলৰ পূৰ্বে পুনৰ জেডিইউয়ে বিহাৰক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে দাবী উত্থাপন কৰিছে। জেডিইউৰ মুখ্য প্ৰবক্তাই জনোৱা অনুসৰি, বিহাৰক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰাটো বিহাৰৰ জনতাৰ বাবে অতি প্ৰয়োজন। বিহাৰৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিলে বিহাৰক শীঘ্ৰেই বিশেষ ৰাজ্যৰ মৰ্যাদা আৰু বিশেষ পেকেজ প্ৰদান কৰিব লাগে।
উল্লেখ্য যে, ভাৰতীয় সংবিধানৰ ২৭৫ নং অনুচ্ছেদ অনুসৰি যিকোনো এখন ৰাজ্যক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰিব পাৰিব। বৰ্তমান দেশত ২৯ খন ৰাজ্য আৰু ৭ খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। ইয়াৰ ভিতৰত ১১ খন ৰাজ্যক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হৈছে। অৱশ্যে, বৰ্তমান সময়ত বিহাৰ, ওড়িশা, অন্ধ্ৰ প্ৰদেশৰ লগতে ৫ খন ৰাজ্যই বিশেষ ৰাজ্যৰ মৰ্যাদা দাবী কৰি আহিছে।
জানিবলগীয়া কথা যে, ভাৰতীয় সংবিধানৰ ২৭৫ নং অনুচ্ছেদ অনুসৰি বিশেষ পৰিস্থিতিত এখন ৰাজ্যই বিশেষ ৰাজ্যৰ মৰ্যাদা লাভ কৰে। এখন ৰাজ্যৰ আন্তঃগাঁথনি, জনজাতীয় লোকৰ বসবাস, আৰ্থিক অৱস্থা, নাগৰিক অনুপাতে আয়, আন্তঃৰাষ্ট্ৰীয় সীমান্ত, ঘন জনবসতিপূৰ্ণ আদি বিষয়ত এখন ৰাজ্যক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হয়।