বাংগালুৰুৰ কে আৰ মাৰ্কেটৰ সমীপৰ নাগৰথপেট অঞ্চলত থকা এটা প্লাষ্টিক সামগ্ৰী নিৰ্মাণ কৰা কাৰখানাত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত এটা পৰিয়ালৰে চাৰিজন সদস্যসহ পাঁচজন লোকৰ কৰুণ মৃত্যু হয়। আৰক্ষীয়ে প্ৰদান কৰে এই তথ্য।
এই অগ্নিকাণ্ডত মৃত্যু হোৱা পৰিয়ালটোৰ সদস্য কেইজন হৈছে মদন সিং (৩৮), সংগীতা (৩৩) আৰু তেওঁলোকৰ দুই সন্তান ৰিতেশ (৭) আৰু বিহান (৫)। আনহাতে আনজন মৃত লোকক সুৰেণ কুমাৰ বুলি চিনাক্ত কৰা হৈছে।
আৰক্ষীৰ তথ্য অনুসৰি মদন সিং ৰাজস্থানৰ বাসিন্দা আছিল আৰু প্ৰায় ১০ বছৰ ধৰি অট্টালিকাটো ভাড়াত লৈছিল। সেই ঘৰটোতে তেওঁ এটা সৰু কাৰখানা চলাই আছিল আৰু তাত প্লাষ্টিকৰ সামগ্ৰীৰ লগতে মেট তৈয়াৰ কৰা হৈছিল। তেওঁ অট্টালিকাৰ ওপৰৰ মহলাত বাস কৰিছিল।
শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় আৰক্ষীয়ে। অৱশ্যে তদন্তৰ অন্ততহে ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা যাব।