আজি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে লোকসভাত তিনিখনকৈ গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰে। এই বিধেয়ককেইখন হৈছে সংবিধান (১৩০ সংখ্যক সংশোধনী) বিধেয়ক, জম্মু আৰু কাশ্মীৰ পুনৰ্গঠন (সংশোধনী) বিধেয়ক ২০২৫ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল চৰকাৰ (সংশোধনী) বিধেয়ক ২০২৫।
বিধেয়ককেইখনত কোৱা হৈছে যে অভিযুক্ত প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মন্ত্ৰীসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি একেৰাহে ৩০ দিন জিম্মাত ৰাখিব পাৰিব। আৰু অভিযোগ প্ৰমাণ হ’লে কাৰাবাসৰ দৰে শাস্তিও ভোগ কৰিব লাগিব।
পাঁচ বছৰ বা তাতোতকৈ অধিক কাৰাদণ্ডৰ শাস্তিযোগ্য অপৰাধ সংঘটিত কৰিলে তেওঁলোকক ৩১ দিনৰ ভিতৰত পদৰ পৰা অপসাৰণ কৰিব পাৰিব। অৱশ্যে বিধেয়ককেইখনত কোৱা হৈছে যে পৰৱৰ্তী সময়ত জিম্মাৰ পৰা মুক্তি পোৱাৰ পিছত তেওঁলোকক পুনৰ নিযুক্তি দিবও পাৰিব।
অৱশ্যে এই বিধেয়ক কেইখন আজি গৃহীত কৰা নহয়। এই তিনিওখন বিধেয়ক যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হৈছে।
উল্লেখ্য যে, এই পৰ্যন্ত চলি থকা নিয়ম অনুসৰি যদি কোনো মুখ্যমন্ত্ৰী বা মন্ত্ৰী গ্ৰেপ্তাৰ হয় বা তাৰ পিছত কাৰাবাস খাটিবলগীয়া হয় তেন্তে পদত্যাগ কৰাৰ কোনো ব্যৱস্থা নাই।
সংবিধান (১৩০ সংখ্যক সংশোধনী) বিধেয়ক : কাৰ ক্ষেত্ৰত হ’ব প্ৰযোজ্য
প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, মুখ্যমন্ত্ৰী, মন্ত্ৰী (গ্ৰেপ্তাৰৰ পিছত পদৰ পৰা অপসাৰণ)
অপসাৰণৰ চৰ্ত
৫ বছৰ বা তাতোকৈ অধিক সময়ৰ বাবে কাৰাবাসৰ সন্মুখীন হ’বলগীয়া অপৰাধৰ বাবে ৩০ দিন আৰক্ষীৰ জিম্মাত থকাসকলক পদৰ পৰা অপসাৰণ
পূৰ্বৰ নিয়ম
প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী বা অন্য কোনো মন্ত্ৰী গ্ৰেপ্তাৰ হ’লে পদত্যাগ কৰাৰ কোনো নিয়ম নাই
আইন প্ৰণয়ন হ’লে কি হ’ব?
যদি কোনো ব্যক্তি ৫ বছৰ বা তাতকৈ অধিক অপৰাধৰ বাবে ৩০ দিন জিম্মাত থাকে তেন্তে ৩১ নম্বৰ দিনটোত পদত্যাগ কৰিব লাগিব
কোনবোৰ অনুচ্ছেদত সংশোধন
অনুচ্ছেদ ৭৫ – প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ নিযুক্তি
অনুচ্ছেদ ১৬৪ – মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদৰ নিযুক্তি
অনুচ্ছেদ ২৩৯AA – দিল্লীৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদ
সংবিধান (১৩০ সংখ্যক সংশোধনী) বিধেয়কৰ প্ৰয়োজন
কেজৰিৱাল গোচৰ – ১৫৬ দিন কাৰাগাৰত থকাৰ পিছতো দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ থকা
সেন্থিল গোচৰ – তামিলনাডুৰ মন্ত্ৰী সেনথিল বালাজীয়ে গ্ৰেপ্তাৰ হোৱাৰ পিছতো ৮ মাহ ধৰি পদত্যাগ কৰা নাছিল