মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৯ ছেপ্টেম্বৰত ভাৰত আৰু আমেৰিকাৰ মাজত চলি থকা ব্যৱসায়িক সমস্যা সমাধানৰ বাবে পুনৰ আলোচনা আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। ট্ৰাম্পে তেওঁৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত পোষ্ট কৰি লিখিছে যে ভাৰত আৰু আমেৰিকাই বাণিজ্যিক বাধা আঁতৰোৱাৰ বাবে আলোচনা অব্যাহত ৰাখিছে বুলি খবৰ পাই তেওঁ সুখী।
অনাগত সপ্তাহত মোৰ অতি ভাল বন্ধু প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কথা পাতিবলৈ আগ্ৰহী। এই আলোচনাই দুয়োখন দেশৰ বাবে সফল ফলাফল কঢ়িয়াই আনিব বুলি ট্ৰাম্পে আস্থা প্ৰকাশ কৰে। শেহতীয়াকৈ আমেৰিকাই ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০% শুল্ক আৰোপ কৰাৰ মাত্ৰ কেইসপ্তাহমানৰ পিছতে তেওঁৰ এই ঘোষণা।
চলিত সপ্তাহৰ আৰম্ভণিতে ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰত-আমেৰিকাৰ সম্পৰ্কক এক অতি বিশেষ সম্পৰ্কৰ মৰ্যাদা প্ৰদান কৰিছিল। তেওঁ কয় যে, প্ৰধানমন্ত্ৰী মোদী আৰু তেওঁ সদায় বন্ধু হৈ থাকিব। এই সময়ত ভাৰতৰ কিছুমান নীতিৰ সৈতে তেওঁৰ মতানৈক্য থকা বুলি উল্লেখ কৰি লগতে তেওঁ কয় যে, ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক অতি বিশেষ।
ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মন্তব্যৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ লিখিছে যে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ আৱেগ আৰু দ্বিপাক্ষিক সম্পৰ্কৰ ইতিবাচক মূল্যায়নক তেওঁ গভীৰ শলাগ লয় আৰু সম্পূৰ্ণ সমৰ্থন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক এক ব্যাপক আৰু বিশ্বব্যাপী কৌশলগত অংশীদাৰিত্বৰ দিশত আগবাঢ়িছে। দুয়োখন দেশৰ অংশীদাৰিত্বই বিশ্বৰ বাবে ইতিবাচক ফলাফল কঢ়িয়াই আনিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে।