ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে আলোচনাত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তেওঁ ভাৰত আৰু ইটালীৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক সুদৃঢ় কৰাৰ কথা উল্লেখ কৰে আৰু ইউক্ৰেইনৰ যুদ্ধ শীঘ্ৰে শেষ হ’ব বুলি আশা প্ৰকাশ কৰে।
ভাৰত-ইউৰোপীয় ইউনিয়নৰ বাণিজ্য চুক্তি ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰি আইএমইইইচিৰ জৰিয়তে দেশসমূহক সংযোগ কৰাত সহায় কৰাৰ বাবে ইটালীৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। দুয়োগৰাকী নেতাই পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ বাবে সন্মতি প্ৰকাশ কৰে।
মন কৰিবলগীয়া যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৫০% শুল্ক আৰোপ কৰাৰ পিছত ভাৰতে বহু দেশৰ সৈতে মুক্ত বাণিজ্য চুক্তিৰ আলোচনা তীব্ৰতৰ কৰি তুলিছে। ইউৰোপীয় সংঘৰ দলটোৱে ৮ ছেপ্টেম্বৰত বাণিজ্য আলোচনাৰ বাবে দিল্লীত উপস্থিত হৈছে। এক প্ৰতিবেদন অনুসৰি ১২ ছেপ্টেম্বৰত বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱালে ইউৰোপীয় ইউনিয়নৰ বাণিজ্য আয়ুক্তক সাক্ষাৎ কৰি এফ টি এৰ অগ্ৰগতি পৰ্যালোচনা কৰিব।
ইউৰোপীয় ইউনিয়নৰ সৈতে হোৱা নতুন বাণিজ্য চুক্তি ভাৰতৰ বাবে অতি লাভজনক বুলি প্ৰমাণিত হ’ব পাৰে। ২০২৩-২৪ চনত ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ মাজত বাণিজ্যৰ পৰিমাণ আছিল ১৩৭.৪১ বিলিয়ন ডলাৰ, আৰু নতুন চুক্তিৰ লগে লগে ই আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
ইয়াৰ উপৰিও কাটাৰৰ সৈতে হোৱা এফ টি এৰ জৰিয়তে শক্তি আৰু পেট্ৰলিয়াম খণ্ডও লাভৱান হ’ব। বিশেষজ্ঞসকলৰ মতে এই পদক্ষেপে ভাৰতক বিশ্বৰ যোগান শৃংখলত শক্তিশালী কৰি তুলিব, কিন্তু ঘৰুৱা উদ্যোগসমূহক সুৰক্ষা দিয়াটোও এক প্ৰত্যাহ্বান হ’ব।