পেৰিছ অলিম্পিকত ভাৰতৰ প্ৰথমটো পদক নিশ্চিত হ’ল। এয়াৰ পিষ্টলত ভাৰতীয় খেলুৱৈ মনু ভাকাৰে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। পদক নিশ্চিত হোৱাৰ পিছতে মনু ভাকাৰে অলিম্পিকত এয়াৰ পিষ্টলত পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।
মনুৱে ভাকাৰে ৫ টা শ্বটৰ প্ৰথম শৃংখলাত ৫০.৪ শ্বুটিং কৰিছিল। মনুৱে প্ৰথম শৃংখলাটোত তিনিবাৰকৈ ১০ তকৈ অধিক শ্বট কৰিছিল। ৫ টা শ্বটৰ দ্বিতীয় ছেটত মনুৱে ১০০.৩ লৈ যায় আৰু সমগ্ৰ প্ৰতিযোগিতাখনত শীৰ্ষ-৩ ত থাকিবলৈ সক্ষম হয়।
খেলুৱৈগৰাকীৰ সফলতাত আনন্দিত হৈ পৰিছে ভাৰতবাসী। কিয়নো পেৰিছ অলিম্পিক আৰম্ভ হোৱাৰ পিছৰে পৰাই সকলোৰে দৃষ্টি আছিল পদকৰ ওপৰত। সেই সময়তে এয়াৰ পিষ্টলত মনু ভাকাৰে ব্ৰঞ্জৰ পদক লাভ কৰাৰ পিছতে আনন্দিত হৈ পৰিছে ভাৰতীয়লোক।