ৰাছিয়া সেনাৰ হৈ ইউক্ৰেইনৰ বিৰুদ্ধে যুঁজিবলৈ গৈ হাৰিয়ানাৰ এগৰাকী ২২ বছৰীয়া যুৱকৰ মৃত্যু হোৱা ঘটনা পোহৰলৈ আহিছে। সোমবাৰে যুৱকজনৰ পৰিয়ালে চণ্ডীগড়ত এই চাঞ্চল্যকৰ দাবী কৰে।
যুৱকজনৰ ভাতৃ অজয় মৌনে কয় যে মস্কোস্থিত ভাৰতীয় দূতাবাসে তেওঁৰ ভাতৃ ৰবি মৌনৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে। হাৰিয়ানাৰ কৈথল জিলাৰ মটৌৰ গাঁৱৰ বাসিন্দা আছিল ৰবি।
অজয়ে দাবী কৰিছে যে, বিগত ১৩ জানুৱাৰীত পৰিবহন সম্বন্ধীয় চাকৰিৰ বাবে ৰাছিয়ালৈ গৈছিল ৰবি। বিচাৰি যোৱা চাকৰিৰ পৰিৱৰ্তে তেওঁক সৈন্য বাহিনীত যোগদান কৰোৱা হৈছিল। অজয়ে নিজৰ ভাতৃৰ খবৰ ল’বলৈ ২১ জুলাইত দূতাবাসলৈ পত্ৰ লিখিছিল। দূতাবাসৰ পত্ৰত তেওঁৰ ভাতৃৰ মৃত্যু হোৱা বুলি স্পষ্টৰূপত উল্লেখ কৰে।
অজয়ে কয় যে ৰবি ১৩ জানুৱাৰীত ৰাছিয়ালৈ গৈছিল। এজন এজেণ্টে তেওঁক পৰিবহন সম্বন্ধীয় কামৰ বাবে ৰাছিয়ালৈ পঠিয়াইছিল যদিও তেওঁক ৰাছিয়াৰ সেনাবাহিনীত যোগদান কৰোৱা হৈছিল।
অজয় মৌনে অভিযোগ কৰে যে ৰাছিয়াৰ সেনাই তেওঁৰ ভাতৃক ইউক্ৰেইনৰ সেনাৰ বিৰুদ্ধে যুঁজ দিবলৈ কৈছিল নহ’লে ১০ বছৰৰ কাৰাদণ্ডৰ সন্মুখীন হ’ব লাগিব বুলি ভাবুকি প্ৰদান কৰিছিল। অজয়ে কয় যে ৰবিক প্ৰথমে খাদ খন্দাৰ প্ৰশিক্ষণ দিয়া হৈছিল আৰু পিছত তেওঁক যুঁজলৈ প্ৰেৰণ কৰা হৈছিল।
তেওঁ কয় যে ৰাছিয়াৰ পক্ষই তেওঁৰ মৃত্যু নিশ্চিত কৰিছে। অৱশ্যে মৃতদেহটো চিনাক্ত কৰিবলৈ ঘনিষ্ঠ আত্মীয়ৰ ডি এন এ পৰীক্ষা কৰিব লাগিব। লগতে অজয় মৌনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাতৃৰ মৃতদেহ স্বগৃহলৈ ঘূৰাই অনাত সহায় কৰিবলৈ অনুৰোধ জনায়।
নিজৰ ভাতৃৰ মৃতদেহ ঘূৰাই আনিবলৈ ধনৰ অভাৱ বুলি উল্লেখ কৰি অজয়ে কয় যে মাটি বিক্ৰী কৰি পোৱা ১১.৫০ লাখ টকা খৰচ কৰি ৰবিক ৰাছিয়ালৈ পঠিওৱা হৈছিল।
উল্লেখ্য যে, মাত্ৰ কিছু দিন পূৰ্বে ৰাছিয়াই নিজৰ সেনাবাহিনীত কৰ্মৰত ভাৰতীয় নাগৰিকসকলক অনতিপলমে মুক্ত কৰি দিবলৈ ভাৰতে কৰা দাবী মানি ল’বলৈ সন্মত হৈছিল।