ইন্টাৰনেট আজিৰ তাৰিখত এক এৰাব নোৱাৰা অংগ। ইন্টাৰনেটৰ বাবে গোটেই বিশ্বখন মানুহৰ হাতৰ মুঠিত উপলব্ধ হৈছে। ইন্টাৰেনট অবিহনে মানুহে এটা দিনো কল্পনা কৰিব নোৱাৰে। বিশেষকৈ স্মাৰ্ট ফোন থকাৰ পৰা মানুহে ইচ্ছা গ’লেই দেশ-বিদেশৰ খবৰ লাভ কৰিব পাৰে।
অচিনাকী ঠাইলৈ গ’লে গুগল মেপৰ প্ৰয়োজন হয়। গুগল মেপৰ জৰিয়তে অচিনাকী ঠাইৰ সন্ধান পোৱাটো সহজ হৈ পৰিছে। অৱশ্যে, ইন্টাৰনেট অবিহনে গুগল মেপ আমি হুৱাটছএপৰ জৰিয়েত শ্বেয়াৰ কৰিব নোৱাৰো।
এতিয়াৰে পৰাই ইন্টাৰেনট অবিহনে আপুনি শ্বেয়াৰ কৰিব পাৰিব গুগল মেপ। তাৰবাবে মাত্ৰ আপুনি কৰিব লাগিব এটা সাধাৰণ কাম।
প্ৰথমে আপুনি আপোনাৰ মোবাইলত থকা কম্পাচটো খুলিব লাগিব। ইয়াৰ তলতে আপুনি অক্ষাংশ আৰু দ্ৰাঘিমাংশত গৈ ক্লিক কৰক। তাৰ পিছত আপুনি শ্বেয়াৰ অপচনত গৈ আপুনি শ্বেয়াৰ কৰিব বিচৰা ব্যক্তিজনৰ এছএমএছ শাখালৈ গৈ প্ৰেৰণ কৰিব পাৰে।
ইয়াৰ পিছত যিজন ব্যক্তিয়ে বাৰ্তাটো লাভ কৰিব তেওঁ বাৰ্তাটো অপেন কৰি কপি কৰি ল’ব। তাৰ পিছত গুগল মেপত গৈ পেষ্ট কৰি এন্টাৰ কৰি দিব। তাৰ পিছত আপোনাক গুগল মেপে লোকেশ্যনৰ নিৰ্দেশনা প্ৰদান কৰিব।
ইয়াৰ উপৰিও আপুনি কথা নোকোৱাকৈ ফোনত কথা পাতিব পাৰে। ধৰি লোৱা হ’ল আপুনি এখন সভা বা তেনেকুৱা ধৰণৰ অনুষ্ঠানত আছে। আপুনি কথা পাতিবলৈ সুবিধা লাভ কৰা নাই। তেতিয়া আপোনাৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হয়।
ইয়াৰ বাবে আপুনি আইফোনৰ ছেটিংছলৈ যাওঁক আৰু ব্যক্তিগত কন্ঠস্বৰ টাইপ অপচনটো সন্ধান কৰক। অপচনটোত গৈ ক্লিক কৰক আৰু পাৱাৰ বুটামটো তিনিবাৰ টিপক। তাৰ পিছত আপুনি কলটোত কি ক’ব বিচাৰে সেইয়া টাইপ কৰক। আপুনি যি লিখিছে সেইয়া কলটোত আপোনাৰ কন্ঠস্বৰলৈ পৰিৱৰ্তন হ’ব।