২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ পূৰ্বে বাংলাদেশৰ ৰাজনীতি অতি অস্থিৰ হৈ পৰিছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পুত্ৰ তথা আৱামী লীগৰ মুখ্য কৌশলবিদ ছাজিব ৱাজেদে অন্তৱৰ্তীকালীন চৰকাৰ আৰু ইয়াৰ মুখ্য উপদেষ্টা অধ্যাপক মহম্মদ ইউনুছৰ বিৰুদ্ধে গণতন্ত্ৰক ভেঙুচালি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ উল্লেখ কৰে যে দেশৰ সৰ্ববৃহৎ দলটোক নিৰ্বাচনৰ পৰা বাদ দিয়াটো সংস্কাৰ নহয় বৰঞ্চ ইচ্ছাকৃত ৰাজনৈতিক ষড়যন্ত্ৰ।
তেওঁ অভিযোগ কৰে যে অন্তৱৰ্তীকালীন চৰকাৰখনে মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ভয় কৰে আৰু সেয়েহে ইচ্ছাকৃতভাৱে এটা শক্তিশালী ৰাজনৈতিক দলৰ বিৰুদ্ধে এই ষড়যন্ত্ৰ কৰিছে। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে স্পষ্ট কৰি দিয়ে যে, ২০২৬ ৰ ফেব্ৰুৱাৰী মাহত হবলগীয়া সাধাৰণ নিৰ্বাচনত আৱামী লীগে অংশগ্ৰহণ কৰিব নোৱাৰে।
ইফালে ইউনুছ চৰকাৰে কয় যে, দলটোৰ ৰাজনৈতিক কাম-কাজ নিষিদ্ধ কৰা হৈছে আৰু পঞ্জীয়ন স্থগিত ৰখা হৈছে। মুখ্য উপদেষ্টাগৰাকীৰ প্ৰেছ সচিব ছফিকুল আলমে ঢাকাত সাংবাদিকৰ আগত কয় যে চৰকাৰৰ স্থিতি স্পষ্ট আৰু নিষেধাজ্ঞা উঠাই লোৱাৰ কোনো বিবেচনা নাই। ছাজিব ৱাজেদে কয় যে, আৱামী লীগ কোনো নিঃকীন দল নহয়, বৰঞ্চ দেশৰ প্ৰায় ৪০ৰ পৰা ৬০ শতাংশ ভোটাৰৰ সমৰ্থন লাভ কৰা এক দল। গতিকে দলটোক নিৰ্বাচনৰ পৰা বাদ দিয়াৰ অৰ্থ হ’ল লাখ লাখ লোকৰ ভোটাধিকাৰৰ পৰা বঞ্চিত কৰা। তেওঁ সামাজিক মাধ্যমত লিখিছে যে ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ নিৰ্বাচনত গণতন্ত্ৰৰ পুনৰুদ্ধাৰ নহয়, বৰঞ্চ গণতান্ত্ৰিক অধিকাৰ অস্বীকাৰ কৰাহে হ’ব।
উল্লেথ্য যে ২০২৪ চনত ছাত্ৰ আন্দোলন আৰু ৰাজনৈতিক অস্থিৰতাৰ বাবে শ্বেখ হাছিনা চৰকাৰৰ পতন হৈছিল।ইয়াৰ পিছতে নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰৰ গঠন হয়। ২০২৫ চনৰ মে’ মাহত ইউনুছ চৰকাৰে সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত আৱামী লীগৰ কাৰ্যকলাপ নিষিদ্ধ কৰে। ইয়াৰ পিছতে নিৰ্বাচন আয়োগে আৱামী লীগৰ পঞ্জীয়নো নিলম্বিত কৰে। ইউনুছ চৰকাৰে দাবী কৰে যে, ২০২৪ চনৰ প্ৰতিবাদৰ সময়ত বাংলাদেশত যি ৰাজনৈতিক হিংসা সংঘটিত হৈছিল, তাৰ বাবে আৱামী লীগেই জগৰীয়া।ইফালে আকৌ ছাজিব ৱাজেদে এইয়া ৰাজনৈতিক প্ৰতিশোধৰ বাবে হোৱা বুলি দাবী কৰে।










