No Result
View All Result
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
- দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত ভাগ লোৱাৰ উপৰিও বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত কৰ্ণধাৰ বৈঠকতো অংশ ল’ব গৃহমন্ত্ৰী গৰাকীয়ে। লগতে মিচিং যুৱ মহোৎসৱতো অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে।
- ২৮ জানুৱাৰীত নিশা গুৱাহাটী–উত্তৰ গুৱাহাটী সংযোগী নিৰ্মীয়মাণ সেতুখন পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ৷ ১৪ ফেব্ৰুৱাৰীত এই দলংখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব ঘোষণা মুখ্যমন্ত্ৰীৰ। লগতে নিৰ্মীয়মান চানমাৰী- ভৰলু সংযোগী মহাৰাজ পৃথু উৰণসেতুৰ অগ্ৰগতিৰো পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে। চানমাৰীৰ আৰু ভৰলুৰ এই উৰণসেতু উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে।
- আজি দিনৰ ১১ বজাত বাৰামাটিত সম্পন্ন হ’ব অজিত পাৱাৰৰ অন্ত্যেষ্টিক্ৰিয়া। ইয়াৰ পূৰ্বে পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব অন্তিম যাত্ৰা। তেওঁৰ শেষকৃত্যত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহে। ২৮ জানুৱাৰীত এক ভয়ংকৰ বিমান দুৰ্ঘটনাত মুম্বাইৰ বাৰামতীত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যু হয়। এই দুৰ্ঘটনাত পাৱাৰৰ নিৰাপত্তাৰক্ষী, দুজন পাইলট আৰু এগৰাকী মহিলা ক্ৰু মেম্বাৰকে ধৰি ৫ জন লোকৰ মৃত্যু হয়।
- ২৮ জানুৱাৰীত কলম্বিয়া আৰু ভেনিজুৱেলাৰ সীমান্তৰ ওচৰৰ নৰ্টে ডি ছান্টাণ্ডাৰ প্ৰদেশত ছাটেনা এয়াৰলাইন্সৰ এখন বাণিজ্যিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ বিমানখনত থকা ১৫ জন লোকৰ মৃত্যু হয়। বিমানখনে কুকুটাৰ পৰা যাত্ৰা কৰাৰ পিছত অকানালৈ যোৱাৰ পথত উৰণৰ কিছু মিনিটৰ পিছতে সংঘটিত হয় এই দুৰ্ঘটনা। চৰকাৰী আৰু বিমান সংস্থাৰ বিষয়াসকলে নিশ্চিত কৰিছে যে দুৰ্ঘটনাগ্ৰস্ত বিমানখন বিচক্ৰাফ্ট ১৯০০ডি, য’ত আছিল ১৩ জন যাত্ৰী আৰু দুজন ক্ৰু। নিহতসকলৰ ভিতৰত আছিল সংসদৰ এজন বহি থকা সদস্য আৰু আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা এজন বিধায়িনী প্ৰাৰ্থী।
No Result
View All Result